মহানগৰীত বানৰ ভয়ংকৰ পৰিস্থিতি, ৰাজপথত চলিল নাও । Guwahati Flooded: Heavy Rain Causes Waterlogging in Hatigaon | Weather Alert

মহানগৰীত বানৰ ভয়ংকৰ পৰিস্থিতি, ৰাজপথত চলিল নাও । Guwahati Flooded: Heavy Rain Causes Waterlogging in Hatigaon | Weather Alert

Guwahati Flooded: Heavy Rain Causes Waterlogging in Hatigaon | Weather Alert । গুৱাহাটী মহানগৰত বানৰ ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে। নালাপাৰা, ৰুক্মিণীগাঁও আদিৰ ৰাজপথত এতিয়া চলিছে নাও। বতৰাৰ জখমেৰে সৃষ্ট সাগৰ সদৃশ পৰিৱেশত মহানগৰবাসীয়ে কোনোবাহে নাওৰে যাতায়াত কৰিছে।

ৰুক্মিণীগাঁৱৰ একাংশ লোক ইতিমধ্যে ব্যক্তিগত নাও কিনি লৈ নিজৰ দৈনন্দিন জীৱন চলাই নিব লগা হৈছে। বানৰ এই ভয়ংকৰ দৃশ্যই মহানগৰৰ নগৰ পৰিকল্পনা আৰু প্ৰশাসনিক ব্যৱস্থাক পুনৰো প্ৰশ্নৰ উত্থাপন ।

ইফালে, গুৱাহাটী মহানগৰত পুনৰ মূষলধাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। অহা ২৪ ঘণ্টাৰ ভিতৰত বান আৰু ভূমিস্খলনৰ আগজাননী জনোৱা হৈছে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ২৯ আগষ্টত গুৱাহাটী অহাৰ কথা। কিন্তু তাৰ আগতেই ডুব গ’ল সমগ্ৰ মহানগৰখন। শ্বাহৰ এই পৰিদৰ্শনৰ আগতে মহানগৰৰ এই ভয়ংকৰ বানপানীয়ে জনজীৱন সম্পূৰ্ণ বিকল কৰি তুলিছে।

মুঠতে, গুৱাহাটীৰ ৰাজপথত গাড়ীৰ সলনি নাও চলা এক অভূতপূৰ্ব দৃশ্য, যাৰ লগত মোকাবিলা কৰিবলৈ মহানগৰবাসী বাধ্য হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top