Guwahati Flood Update । দুপৰীয়াৰ এজাক বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতি। অতি কম সময়তে মহানগৰখন সাগৰ সদৃশ ৰূপ লৈছে। কাহিলীপাৰা, বৰাগাঁও, বেহাৰবাৰী, নালাপাৰাসহ মহানগৰৰ প্ৰায় প্ৰতিটো প্ৰান্তই ভয়ংকৰ বানত কবলিত হৈছে।

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু পৰ্যন্ত পানী উঠি অহাৰ ফলত খানাপাৰা-জালুকবাৰী সংযোগী এই পথখনত যান-বাহনৰ তীব্ৰ যান-জঁট সৃষ্টি হৈছে। বহু বাহন ৰাজপথতেই বিকল হৈ পৰিছে। বলেৰ’, ইনোভা আদি কেইবাখনো বাহন পানীৰ তলত গুৰি গৈছে।

বানৰ প্ৰভাৱত জি. এছ. ৰোড, এটি ৰোড, ভৱেন্দ্ৰ নাথ শইকীয়া পথ, হৰিদেৱ পথ, পণ্ডিত দীনদয়াল উপধ্যায় পথ, একে আজাদ ৰোড, একে দেৱ ৰোড, বি. বৰুৱা ৰোড, মণিৰাম দেৱান পথ আদি মুখ্য পথত তীব্ৰ যান-জঁট পৰিলক্ষিত হৈছে। ঘণ্টাৰ পিছতেও মহানগৰৰ ৰাজপথসমূহত বাহন আবদ্ধ হৈ আছে।

লখৰা, হাতীগাঁও, নুনমাটি, সাতগাঁও, অনিল নগৰ, নবীন নগৰ, ৰাজগড়, চানমাৰি, সুন্দৰপুৰ, অনুৰাধা, উলুবাৰী, ডাউনটাউন, গণেশমন্দিৰ, জতিয়া, যোৰাবাট আদি অঞ্চলতো বানৰ তাণ্ডৱে জনজীৱন সম্পূর্ণৰূপে বিকল কৰি তুলিছে।

প্ৰশাসনে নাগৰিকক আহ্বান জনাইছে, জৰুৰী প্ৰয়োজন নাথাকিলে ঘৰৰ পৰা বাহিৰ নোহোৱা।
