দীপলিনা ডেকাইৰ ক’ৰ্ট মেৰেজেৰে সকলোকে আচৰিত কৰিলে !Deeplina Deka

দীপলিনা ডেকাইৰ ক’ৰ্ট মেৰেজেৰে সকলোকে আচৰিত কৰিলে !Deeplina Deka

Deeplina Deka । অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাই আচমকা সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা ভিডিঅ’য়ে বৰ্তমান ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে, দীপলিনাই অধিবক্তাৰ সন্মুখত পঞ্জীয়ন বহীত স্বাক্ষৰ কৰিছে। তাৰ সৈতে উপস্থিত আছিল ‘ভাইমনদা’ ছবিৰ জৰিয়তে অসমবাসীৰ হৃদয়ত স্থান লাভ কৰা অভিনেতা পাৰ্থ হাজৰিকা।

দুয়ো জনে স্বাক্ষৰ কৰাৰ পিছতে একে-একে মিঠাই খুৱাইছে আৰু বন্ধুবৰ্গৰ সৈতে ফটোৰ বাবে প’জ দিছে।

এই দৃশ্যই ছেকেণ্ডৰ ভিতৰতে সামাজিক মাধ্যমত জোকাৰি উঠিছে। অনেকে অনুমান কৰিছে যে, দীপলিনা আৰু পাৰ্থে সত্যিই যুগ্ম জীৱনৰ পাতনি মেলিছে। যদিও কমেণ্ট বক্সত বহুতেই ইংগিত দিছে যে, এই ভিডিঅ’হে এক নতুন গীতৰ প্ৰমোচনৰ অংশ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top