GMCHত নৱজাতকৰ মৃত্যুক লৈ ৰহস্যৰ কাহিনী । GMCH

GMCHত নৱজাতকৰ মৃত্যুক লৈ ৰহস্যৰ কাহিনী । GMCH

GMCH । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ত সংঘটিত হোৱা নৱজাতকৰ মৃত্যুৰ ঘটনাই শিহৰন তোলিছে সকলোকে। মৃত শিশুটিৰ পিতৃ উৎপল বৰদলৈয়েও সন্তানৰ মৃত্যুৰ সঠিক কাৰণ বিচাৰি ন্যায়ৰ দাবী জনাইছে। দুৰ্ভগীয়া পৰিয়ালটোৱে ইতিমধ্যে ন্যায় বিচাৰি হাহাকাৰ তুলিছে।

ঘটনাৰ পিছতে সোমবাৰে Sister in-charge ভানুপ্ৰিয়া মিছঙক নিলম্বন কৰে GMCHৰ কর্তৃপক্ষ। যদিও মঙলবাৰে নিশা ভানুপ্ৰিয়া একাংশ সতীৰ্থ নাৰ্ছৰ সৈতে উপস্থিত হয় ভঙাগড় থানাত। NICUত কৰ্তব্য কৰা নাৰ্ছসকলে উত্থাপন কৰে বিস্ফোৰক অভিযোগ।

তেওঁলোকৰ অভিযোগ অনুসৰি, ঘটনাৰ নিশা মুঠ ৫ গৰাকী নাৰ্ছ দায়িত্বত আছিল—তাত ভানুপ্ৰিয়াৰ লগতে আনকেইজনো আছিল। লগতে আছিল দুগৰাকী চিকিৎসক ডাঃ পূজা দাস আৰু ডাঃ ৰশিকেশ, লগতে দুগৰাকী ৱাৰ্ড গাৰ্ল আৰু দুগৰাকী ক্লিনাৰো। তেনেহলে কেৱল ভানুপ্ৰীয়াকহে আটক কৰা কিয়? এই প্ৰশ্ন তুলিছে সতীৰ্থ নাৰ্ছসকলে।

সেয়াহে নহয়, সেই নিশা ভানুপ্ৰিয়া থকা ৰুমত ২৬টা নহয়, ৩৫টা নৱজাতক আছিল বুলি বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে নাৰ্ছসকলে। যদিও GMCHৰ অধীক্ষক ডাঃ অচ্যুৎ বৈশ্যই ২৬টা নৱজাতক আছিল বুলি মন্তব্য কৰিছিল। এই পৰস্পৰবিৰোধী তথ্যই ৰহস্যক অধিক ঘনীভূত কৰিছে।

ইপিনে এতিয়ালৈকে ঘটনাৰ সম্পূৰ্ণ বা আংশিক পোষ্টম’ৰ্টেম ৰিপ’ৰ্ট আৰক্ষীৰ হাতলৈ নপৰাটো লৈ উঠিছে নতুন প্ৰশ্ন। মুখ্যমন্ত্ৰীয়ে তিনিদিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ দি থকাৰ পাছতো পোষ্টম’ৰ্টেম ৰিপ’ৰ্ট জমা নহোৱাৰ কাৰণত চিন্তিত হৈ পৰিছে শিশুটোৰ পৰিয়াল।

GMCH কাণ্ডত বৰ্তমানো ধোঁৱাশা পৰিস্থিতি। শোকাহত পৰিয়ালৰ লগতে সাধাৰণ লোকে সত্য উদঘাটনৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top