হাউলী কাজীৰ মেলৰ সমীপত ভয়াবহ পথ দুৰ্ঘটনা । bike and bus accident

হাউলী কাজীৰ মেলৰ সমীপত ভয়াবহ পথ দুৰ্ঘটনা । bike and bus accident

হাউলী কাজীৰ মেলৰ সমীপত ভয়াবহ পথ দুৰ্ঘটনা । bike and bus accident

হাউলী কাজীৰ মেলৰ সমীপত আজি এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুর্ঘটনাত মন্দিয়া আঞ্চলিক কলেজৰ দুইগৰাকী শিক্ষার্থী গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, শিক্ষার্থী দুজনে মন্দিয়াৰ পৰা হাউলী অভিমুখে যাত্ৰা কৰাৰ সময়ত তেওঁলোকৰ বাইকখনৰ সৈতে এটা বাছৰ মুখামুখি সংঘৰ্ষ হয়। সংঘর্ষৰ ফলত দুয়ো বাইক আৰোহী তীব্ৰভাবে আঘাতপ্ৰাপ্ত হয়।

স্থানীয় ৰাইজে তৎক্ষণাৎ আহত দুজনক সংকটজনক অৱস্থাত বৰপেটা ফকৰ উদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আহত দুয়ো জন মন্দিয়া আঞ্চলিক কলেজৰ শিক্ষার্থী বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পোৱা পৰতেই আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top