Bhullung-Bhuthur International Theatre Festival (BBITF25) । ইংৰাজী ৩ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ তৃতীয় বৰ্ষৰ বাবে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে ‘‘ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ’’ (BBITF25)৷

ক্ৰৱেচীয়া,দক্ষিণ কোৰিয়া,ৰোমানিয়া,টিউনিচিয়া, শ্ৰীলংকা,লেবানন আৰু ভাৰতকে ধৰি ৭খন বিভিন্ন ৰাষ্ট্ৰৰ মুঠ ১১ টাকৈ নাট্যদলে এই নাট মহোৎসৱত নাট পৰিৱেশন কৰিব৷
১৯আগষ্টত গুৱাহাটীৰ উজানবজাৰস্থিত ‘সমলয় সূৰ্য ক্লাৱ’ৰ প্ৰেক্ষাগৃহত
আয়োজিত সংবাদমেলত আঁক _এ’ ক্ৰিয়েটিভ লাইনৰ ফেষ্টিভেল ডাইৰেক্টৰ ড° মৃণালজ্যোতি গোস্বামী,উপদেষ্টা ক্ৰমে নয়ন প্ৰসাদ,তপন দত্ত,কৌস্তুভমণি শইকীয়া, মহোৎসৱ সম্পাদক অনুপম শইকীয়া আৰু কেইবাগৰাকীও সদস্য উপস্থিত থাকি সাংবাদিকৰ লগত মত বিনিময় কৰে৷ইয়াৰ লগতে এই নাট মহোৎসৱত আমন্ত্ৰিত ব্যক্তি দক্ষিণ কোৰিয়াৰ জিনইয়ং য়ুনৰ লগতে টিউনিচিয়াৰ হাফেদ খালিফা,লেবাননৰ কাছেম ইষ্টানবুল,ৰোমানিয়াৰ এণ্ডদ্ৰিয়া ,শ্ৰীলংকাৰ প্ৰসাদ উইক্ৰামাৰাথ্না আৰু সুজীবা পাথনিচেকাৰা আদিয়ে অনলাইন যোগে এই সংবাদমেলত অংশগ্ৰহণ কৰে৷
BBITF’২৫ ৰ ফেষ্টিভেল ডাইৰেক্টৰ ড° মৃণাল জ্যোতি গোস্বামীয়ে জানিবলৈ দিয়া মতে এয়া অসমত আন্তঃৰাষ্ট্ৰীয় সমন্বয়ৰ এক নতুন মঞ্চ৷ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুস্থিত কৰি অসমীয়া নাটকক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ প্ৰয়াস হিচাপেও পৰিগণিত হৈছে ভু্ল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ৷
কেৱল দেশী- বিদেশী নাট্যদলসমূহৰ নাট পৰিৱেশনতে সীমাৱদ্ধ নাথাকি BBITF’২৫-এ সমান্তৰালভাৱে দিনৰ ভাগত ‘‘থিয়েটাৰ কৰ্মশালা’’, ‘‘আলোচনাচক্ৰ’’ অনুস্থিত কৰাৰ লগতে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা বিষয়ক সজাগতা সৃষ্টিৰ বাবে ৰাজ্যখনৰ প্ৰকৃতি বিষয়ক সংগঠন ‘‘আৰণ্যক’’ৰ সহযোগিতাত পৰিৱেশ সংবেদনশীলতা বিষয়ক কৰ্মশালাৰো আয়োজন কৰিছে৷

এইবাৰ প্ৰদৰ্শিত হ’ব লগা নাটসমূহ হ’ল – সূৰ্য্য গুৱাহাটীৰ প্ৰযোজনা ‘‘দ্য গাৰ্ল হু ৰড এ বাইচাইকল (The Girl who rode a Bicycle), ক্ৰৱেচীয়াৰ নাটক ‘‘পালুনকছ ৱাইফ’’ (Palunko’s Wife), দক্ষিণ কোৰিয়াৰ নাটক ‘‘আফটাৰ’’ (AFTER), ৰোমানিয়াৰ নাটক ‘‘#নট মি (#NotMe), শ্ৰীলংকাৰ নাটক ‘‘ডামি’’’ (DUMMY) ‘‘এ’ জাৰ্ণি অৱ ডেচপেয়াৰ’’ (A Journey of Despair), ‘‘ইটছ নট মি, চামৱান এল্ছ’’ (It’s not me, someone else), ‘‘আনচিন’’ (Unseen), টিউনিচিয়াৰ নাটক ‘’দ্য ইমিগ্ৰেণ্টছ’’ (The Immigrants), লেবাননৰ নাটক ‘‘ষ্টেণ্ড আপ ফাডাৰ’’ (Stand up Father) আৰু আঁক-এ ক্ৰিয়েটিভ লাইনৰ নিবেদন ‘‘মেটামৰফৰচিচ অব্ মিট্ৰাচি ঘষ্টা (Metamorphosis of Mitrachi Goshta)৷ প্ৰত্যেক দিনাই সন্ধিয়া ৬.০০ বজাৰ পৰা নাটক প্ৰদৰ্শনী আৰম্ভ হ’ব৷
এইবাৰৰ নাট মহোৎসৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কোৰিয়া থিয়েটাৰ এছচিয়েচনৰ আন্তঃৰাষ্ট্ৰীয় যোগাযোগৰ সভাপতি (Chair, International Relations Committee, Korea Theatre Association) জিনইয়ং য়ুন (Mr.Jinyoung Youn)৷ ৩ ছেপ্তেম্বৰৰ সন্ধিয়া ৫:৩০ বজাত উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব৷
৭ চেপ্তেম্বৰৰ সন্ধিয়া নাটক পৰিৱেশনৰ লগতে পৰৱৰ্তী সময়ত ড° হৃদয়ানন্দ তামুলী ফুকনৰ পৰিচালনাৰ এটি যোগ উপস্থাপন আৰু অৰূপ জ্যোতি পাটগিৰি (বাপী)ৰ ব্যৱস্থাপনাৰে The Fivefold Melody of Emotions শীৰ্ষক সঙ্গীতানুষ্ঠানেৰে নাট্য উৎসৱৰ সামৰণি পৰিব৷
