radhika actress । প্ৰথম বিবাহৰ দুবছৰৰ পাছতে বিচ্ছেদ! মুখ্যমন্ত্ৰীৰ সৈতে গোপন প্ৰেম, এতিয়া ১২৪ কোটিৰ সম্পত্তিৰ মালিক অভিনেত্ৰী ৰাধিকা!

বহুসময়ত অভিনেত্ৰীৰ অভিনয়ৰ তুলনাত ব্যক্তিগত জীৱনেই সংবাদ শিৰোনাম দখল কৰে। একেই ধৰণৰ কাহিনী দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী **ৰাধিকা কুমাৰস্বামী (কুট্টি ৰাধিকা)**ৰ ক্ষেত্ৰতো দেখা গৈছিল। মাত্র ১৪ বছৰ বয়সতেই অভিনয় জগতত পা থোৱা ৰাধিকাই শৈশৱৰ পৰাই দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল।

প্ৰথম বিবাহ আৰু বিতৰ্ক
কৈশোৰতে ৰাধিকাই ব্যৱসায়ী ৰতন কুমাৰৰ সৈতে পৰিয়ালৰ সন্মতি নোহোৱাকৈ পলাই গোপনে মন্দিৰত বিয়া কৰিছিল। কিন্তু এই বিবাহ মাত্ৰ দুবছৰে টিকি আছিল। বিবাহ বিচ্ছেদৰ পাছতে দুই পৰিয়ালৰ মাজত অভিযোগ-প্ৰতিঅভিযোগৰ নাটক চলিছিল। এই সময়তেই ৰতন কুমাৰৰ মৃত্যু হয়।

মুখ্যমন্ত্ৰীৰ সৈতে গোপন প্ৰেম
প্ৰথম বিবাহৰ পাছত ৰাধিকা নিজৰতকৈ ২৭ বছৰ ডাঙৰ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ প্ৰেমত পৰে। দুয়োজনে ২০০৬ চনত গোপনে বিয়া কৰায় যদিও সেই কথা বহু বছৰ লুকুৱাই ৰাখিছিল। ২০১০ চনত অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সেই সত্য উন্মোচন কৰে। এই বিবাহতো বিতৰ্ক কম হোৱা নাছিল, কাৰণ ৰাধিকাৰ পিতৃয়ে প্ৰথমতে ইয়াৰ বিৰুদ্ধে আপত্তি জনাইছিল।

এতিয়াৰ জীৱন আৰু সম্পত্তি
অভিনয় জগতত ৰাধিকাই বেছি সফলতা নোলোৱাৰ পৰেও ব্যৱসায়ী হিচাপে যথেষ্ট সাফল্য অৰ্জন কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বৰ্তমান ৩৮ বছৰীয়া ৰাধিকাৰ সম্পত্তিৰ মূল্য প্ৰায় ১২৪ কোটি টকা। কুমাৰস্বামীৰ সৈতে ৰাধিকাৰ এগৰাকী কন্যা সন্তানো আছে।

চলচ্চিত্ৰ পৰ্দাত হিট হোৱাৰ পৰা ব্যক্তিগত জীৱনৰ আলোড়ন—ৰাধিকাৰ কাহিনী কোনো চলচ্চিত্ৰৰ কাহিনীৰ পৰা কম নহয়।
