মৰিগাঁওত স্বামী-স্ত্ৰীৰ একেলগে চৰম সিদ্ধান্ত, জিলাত শোকৰ ছাঁ । Morigaon

মৰিগাঁওত স্বামী-স্ত্ৰীৰ একেলগে চৰম সিদ্ধান্ত, জিলাত শোকৰ ছাঁ । Morigaon

Morigaon । মৰিগাঁও জিলাৰ সিধাবাৰী গাঁৱত আজি সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। গাঁৱখনৰ বাসিন্দা স্বামী ৰাকবৰ বৰদলৈ (৭৫) আৰু পত্নী লীলেমাই বৰদলৈ একেলগে চিপ লৈ জীৱন সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈ মৃত্যুবৰণ কৰে।

ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। বৰ্তমান এই দম্পতীয়ে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সম্পৰ্কে স্পষ্ট তথ্য আহি হোৱা নাই।

আৰক্ষীৰ পূৰ্ণাঙ্গ তদন্তৰ পাছতহে ঘটনাৰ পিচফালে থকা কাৰণ পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে।

এই ঘটনাই সিধাবাৰী গাঁওখনত শোকৰ ছাঁ পৰিছে আৰু প্ৰত্যেকে গভীৰ সমবেদনা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top