উচ্ছেদৰ বিৰুদ্ধে Reels বনাই গ্ৰেপ্তাৰ ধুলাৰ ২০ বছৰীয়া যুৱক !Assam eviction

উচ্ছেদৰ বিৰুদ্ধে Reels বনাই গ্ৰেপ্তাৰ ধুলাৰ ২০ বছৰীয়া যুৱক !Assam eviction

উচ্ছেদৰ বিৰুদ্ধে Reels বনাই গ্ৰেপ্তাৰ ধুলাৰ ২০ বছৰীয়া যুৱক ! Assam eviction

অসমত চলি থকা সন্দেহযুক্ত নাগৰিকৰ ওপৰত ভূমি উচ্ছেদ অভিযানৰ বিৰুদ্ধে সামাজিক মাধ্যমত ৰিল (Reels) বনোৱাৰ ফলত দৰং জিলাৰ ধুলাৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা যুৱকজন হৈছে লটাখাট গাঁৱৰ ২০ বছৰীয়া মাহমুদ আলম।

মাহমুদ আলমে উচ্ছেদৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি উচটনি মূলক ৰিল বনাইছিল, যাৰ জৰিয়তে তেওঁ চৰকাৰী নীতি আৰু আৰক্ষী প্ৰশাসনৰ ভূমিকা সমালোচনা কৰিছিল। এই ৰিলখন ভাইৰেল হোৱাৰ পিছতে ধুলা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

পুলিচৰ মতে, এনে ধৰণৰ ৰিল সমাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে আৰু আইন-শৃংখলা ভংগ হোৱাৰ আশংকা থাকে। সেয়ে লোকসকলক সামাজিক মাধ্যমত সাৱধানতা অবলম্বন কৰাৰ আহ্বান জনোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top