জি-৭ শীৰ্ষ সন্মিলনত কানাডাত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । MODI

জি-৭ শীৰ্ষ সন্মিলনত কানাডাত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । MODI

কানাডা | ১৭ জুন, ২০২৫ । MODI
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছে। তেওঁ এই সন্মিলনত ক্ৰমাগত ষষ্ঠবাৰৰ বাবে অংশগ্ৰহণ কৰিছে। মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণমৰ্মে এই বাৰ মোদীয়ে চাইপ্ৰাছৰ পৰা সোমবাৰে সন্ধিয়া কানাডালৈ আগমন কৰে।

এইবাৰ শীৰ্ষ সন্মিলনত শক্তি সুৰক্ষা, প্ৰযুক্তি, উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা (AI), কোৱাণ্টাম প্ৰযুক্তি আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিশ্ব নেতাসকলৰ মাজত মত বিনিময় হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে এই সন্মিলনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্ভৱ হোৱা সংকটসমূহৰ সমাধান বিচাৰিবলৈ এক বিশেষ মঞ্চ ৰূপে কাম কৰিব।

এয়াই প্ৰথমবাৰ নহয় যি ভাৰতক জি-৭ শীৰ্ষ সন্মিলনত আমন্ত্ৰণ জনোৱা হৈছে। এই আগন্তুক সন্মিলনক লৈ ভাৰত ইতিমধ্যে ১১বাৰ এইগৰাকী ‘আউটৰিচ অধিবেশন’ত অংশগ্ৰহণ কৰিছে।

এইবাৰ জি-৭ ৰ অংশগ্ৰহণৰ পটভূমিত বিশেষ গুৰুত্ব পাইছে ভাৰত-কানাডা সম্পৰ্ক। ২০২৩ চনত খালিস্তান সমৰ্থক হৰদ্বীপ সিং নিজাৰৰ হত্যাকাণ্ডক লৈ উদ্ভৱ হোৱা কূটনৈতিক সংকটৰ পিছত দুই দেশৰ সম্পৰ্কত যথেষ্ট তীব্ৰতা দেখা গৈছিল। কানাডাৰ তৎকালীন প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ চৰকাৰে নিজাৰৰ হত্যাকাণ্ড সন্দৰ্ভত ভাৰতৰ ওপৰত অঙ্গুলি তুলি বিতৰ্ক জন্ম দিছিল।

ট্ৰুডোৰ প্ৰস্থানৰ পাছত নতুন প্ৰধানমন্ত্ৰী হিচাপে অৰ্থনীতিবিদ মাৰ্ক কাৰ্নীৰ আগমন আৰু মোদীক জি-৭ৰ বাবে আমন্ত্ৰণ জনোৱাটোৱে ভাৰত-কানাডা সম্পৰ্ক পুনৰ স্থাপন হোৱাৰ সম্ভাৱনাক উজলাই তুলিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “দুয়োখন দেশৰ মাজত বিশ্বাস আৰু সংবেদনশীলতাৰ ওপৰত ভিত্তি কৰি পুনৰ সম্পৰ্ক গঢ়ি তোলাৰ এটা সুযোগ এই সন্মিলনে প্ৰদান কৰিব।”

বাণিজ্যিকভাৱে ২০২৪ চনত ভাৰত-কানাডা সামগ্ৰী আৰু সেৱাৰ সামূহিক দ্বিপাক্ষিক বাণিজ্য আছিল ২২.৯ বিলিয়ন মার্কিন ডলাৰ। ইয়াত ৪.২ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি আৰু ১১.৮ বিলিয়ন ডলাৰৰ সেৱা আমদানি-ৰপ্তানি অন্তর্ভুক্ত।

ইয়াৰোপৰি, কানাডাৰ জনসংখ্যাৰ ৪.৫% হৈছে ভাৰতীয় প্ৰব্ৰজনকাৰী। ইয়াত প্ৰায় ১৮ লাখ ভাৰতীয় মূলৰ কানাডিয়ান আৰু প্ৰায় ১০ লাখ অনা-আবাসী ভাৰতীয় (NRI) থাকে। এইসকলৰ ভিতৰত ভাৰতীয় শ্ৰমিক, ছাত্ৰ আৰু পেচাদাৰী লোকৰ সংখ্যা উল্লেখযোগ্য।

তথাপিও, শেহতীয়াকৈ অনুপ্ৰৱেশৰ নীতি কঠোৰ হোৱাৰ ফলত ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু কানাডাৰ বিশ্ববিদ্যালয় উভয়তে ইয়াৰ প্ৰভাৱ পৰিছে। ২০২২ চনত কানাডাত থকা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ ৪১% আছিল ভাৰতীয়, যাৰ গতি এতিয়া মন্থৰ হৈ পৰিছে।

এই পৰিপ্ৰেক্ষিতত, জি-৭ শীৰ্ষ সন্মিলনত মোদী-কাৰ্নী বৈঠক, ৰাছিয়া-ইউক্ৰেইন সংঘাত, মধ্যপ্ৰাচ্যৰ উত্তেজনা, বিশ্ব বাণিজ্য যুদ্ধ, আৰু AI-প্ৰযুক্তি ধৰি বিস্তৃত বিষয়ৰ ওপৰত আলোচনা হ’ব বুলি অনুমান কৰা হৈছে।

জি-৭ শীৰ্ষ সন্মিলনৰ পৰা বিশ্ব অৰ্থনীতি আৰু ভূ-ৰাজনীতিত গুৰুত্বপূৰ্ণ দিশ-নিৰ্দেশনা প্ৰস্তুত হ’ব বুলি আশা কৰা হৈছে, য’ত ভাৰতৰ সক্ৰিয় ভূমিকা বিশেষ তাৎপর্যপূর্ণ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top