Citizens’ Meet in Sivasagar । শিৱসাগৰত ২০ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ চিন্তন বৈঠক: ১১ দফীয়া কঠোৰ প্ৰস্তাৱ, ১৫ আগষ্টৰ ভিতৰত উজনি অসম এৰিবলৈ সকীয়নি ২০ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ !
ঐতিহাসিক দৰবাৰ ফিল্ডত অনুষ্ঠিত এক গুৰুত্বপূর্ণ চিন্তন বৈঠকৰ অন্তত, ২০ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে আজিৰে পৰা বিদেশী মুক্ত অসম গঢ়াৰ বাবে এক কঠোৰ ৰূপৰেখা আগবঢ়াইছে। বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত ১১ দফীয়া প্ৰস্তাৱ গৃহীত হয় আৰু ১৫ আগষ্ট ২০২৫ তাৰিখৰ ভিতৰত উজনি অসম এৰাৰ বাবে সন্দেহযুক্ত বিদেশী নাগৰিকক সকীয়নি দিয়া হয়।
মূল দফাসমূহ:
- ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা সকলো বিদেশীক বহিষ্কাৰ কৰিবলৈ চৰকাৰক দাবী, যদিও ভিত্তিবৰ্ষ হিচাপে ১৯৫১ চনক কার্যকৰী কৰিবলৈ আহ্বান।
- অসম চৰকাৰৰ চলি থকা বেদখল মুক্তি অভিযানক পূৰ্ণ সমৰ্থন, লগতে শিৱসাগৰ, খাট পথাৰ, চিন্তামণি গড় আদি ঠাইত থকা অবৈধ দখল উচ্ছেদৰ দাবী।
- অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত বিদেশীৰ নাম কর্তন কৰাৰ দাবী।
- বেদখলকাৰীৰ সৈতে সহানুভূতি প্ৰকাশ কৰি খিলঞ্জীয়াৰ প্ৰাণৰ ভাবুকি দিয়া লোকক ৰাষ্ট্ৰদ্ৰোহীত গৃহীত কৰিবলৈ দাবী।
- ভাৰতীয় নাগৰিক ৰূপে থকা সন্দেহযুক্ত লোকৰ নথি পৰীক্ষা কৰি উজনি অসমৰ পৰা বিতাৰণৰ দাবী।
- ইটাভাটা, ঠিকাদাৰী প্ৰতিষ্ঠান আদি ঠাইত কৰ্মৰত সন্দেহযুক্ত লোকক চিনাক্ত কৰি আজিৰে পৰা বহিষ্কাৰ আৰম্ভ কৰাৰ দাবী।
- অসমবাসীয়ে বিদেশীক মাটি-বাৰী বিক্ৰী নকৰিবলৈ আবেদন।
- বিদেশী মুক্ত অসম গঢ়াৰ এই অভিযানত খিলঞ্জীয়া মুছলমান ৰাইজক সহায়ৰ আহ্বান।
বিশেষ ঘোষণাঃ
২০ আগষ্ট তাৰিখে শিৱসাগৰত ‘খিলঞ্জীয়া সভা’ আহ্বান কৰা হৈছে, য’ত অসমৰ ভৱিষ্যত সুৰক্ষাৰ বাবে অধিক সংগঠনৰ সহযোগিতা আহ্বান জনোৱা হ’ব।
এই সভাই শিৱসাগৰত এক গুৰুত্বপূর্ণ মাইলৰ খুঁটি ৰূপে আত্মপ্ৰকাশ কৰিছে, য’ত খিলঞ্জীয়াৰ অধিকাৰ, মাটিৰ সুৰক্ষা, আৰু বিদেশী মুক্ত অসমৰ বাবে এক সংহত অভিযান আৰম্ভ হ’ব বুলি সংগঠনসমূহে ঘোষণা কৰিছে।
