Hemanta Dutta । গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) শেষ নিশ্বাস ত্যাগ কৰিলে স্বনামধন্য নাট্যকাৰ আৰু গীতিকাৰ হেমন্ত দত্তই। ৮৪ বছৰ বয়সত জীয়াই থকা কিংবদন্তী শিল্পীগৰাকীৰ মৃত্যুৰে অসমৰ সাংস্কৃতিক জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে।

স্বাস্থ্য অৱনতি হোৱাৰ ফলত দেওবাৰে GMCHত ভৰ্তি কৰোৱা হৈছিল তেওঁক। চিকিৎসাধীন অৱস্থাতে নিশা শিল্পীগৰাকীয়ে অন্তিম নিশ্বাস ত্যাগ কৰে। ১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত জন্মগ্ৰহণ কৰিছিল হেমন্ত দত্তই।

তেওঁৰ কলমৰ পৰা উৎপন্ন হৈছে ‘এটা নষ্ট ল’ৰাৰ গল্প’, ‘পথ’, ‘টাইটানিক’, ‘সেন্দূৰ’, ‘আকাশৰ দৰে মন’, ‘মুক্তি’, ‘চক্ৰবেহু’, ‘জেতুকা পাতৰ ৰং’ আদি কালজয়ী নাটক। সংগীত ক্ষেত্ৰত তেওঁৰ অবদান সমান প্ৰশংসনীয় — ‘মই যি বাটেৰে ওলালো আজি’, ‘সময় গতিশীল’, ‘তুমি আহিছিলা চেনাই’, ‘বুকু দুৰু দুৰু’, ‘নহ’লে পৰিচয় হিয়াৰে’, ‘হিয়াৰ মৰম মুকুতা হৈ’, ‘এই আকাশ বৰ বিশাল’, ‘গছে বনে সেউজীয়া’, ‘নায়ক হ’ব খুজি’ আদি গীত অসমীয়াৰ হৃদয়ত চিৰদিনৰ বাবে অম্লান হৈ ৰ’ল।

নাটক, সিনেমা আৰু সংগীত ক্ষেত্ৰত অনবদ্য অৱদানৰ বাবে অসম চৰকাৰে ২০২৪ বৰ্ষৰ অসম সৌৰভ সন্মান আগবঢ়াইছিল হেমন্ত দত্তক। তেওঁৰ মৃত্যুত অসমে হেৰুৱালে এখন যুগৰ সৃষ্টিশীল অনুপ্ৰেৰণা।
