কংগ্ৰেছৰ সভাত লংকা কাণ্ড ! ASSAM Congress

Assam Congress| শ্ৰীভুমিৰ নিলামবজাৰত কংগ্ৰেছৰ সভাত লংকা কাণ্ড। নতুন কংগ্ৰেছী আৰু পুৰনি কংগ্ৰেছীৰ মাজত প্ৰবল মাৰপিত।”যুঁজ এখন হব‌ই” এতিয়া এয়াই যেন পৰিস্থিতি কংগ্ৰেছত ।

কংগ্ৰেছৰ সভা মানেই যেন, মাৰপিতৰ সম্ভাৱনা প্ৰবল । শ্ৰীভুমিত বঙহৰ যুজঁত অবতীৰ্ণ হল কংগ্ৰেছী । নতুন আৰু পুৰনি কংগ্ৰেছী লিপ্ত হল প্ৰবল মাৰপিতত। পঞ্চায়ত নিৰ্বাচনৰ সময়চোৱাত টকাৰ বিনিময়ত টিকট লৈ কেবাটাও ঘটনা ঘটি যোৱাৰ পাছত এতিয়াও যেন সাম কটা নাই সেই পৰিস্থিতিৰ। দেওবাৰ নিশা শ্ৰীভুমিৰ নিলামবজাৰত এপিচিচিৰ জেনাৰেল চেক্রেটাৰি তথা শ্ৰীভুমিৰ ওভজাৰভাৰ নাছিৰ খানৰ উপস্থিতিত কংগ্ৰেছৰ এক সভা অনুষ্ঠিত হৈছিল।‌ এপিচিচিৰ জেনাৰেল চেক্রেটাৰি তথা শ্ৰীভুমিৰ ওভজাৰভাৰ নাছিৰ খান, জিলা সভাপতি তাপস পুৰকায়স্থ সহ আন বিষয়ববীয়াৰ উপস্থিতিতে চৰম হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয় । মুহূৰ্ততে ৰণ ক্ষেত্ৰত পৰিনত হয় কংগ্ৰেছৰ সভাস্থলী । পুৰণি কংগ্ৰেছী আৰু কিছুদিন পূৰ্বে অগপৰ পৰা অহা কংগ্ৰেছীৰ মাজত কথা কটাকটিৰ চলি থাকোতেই সভাৰ সম্মুখৰ আচনক কেন্দ্ৰ কৰি মাৰপিতৰ সূচনা হয়। প্ৰবল মাৰপিতৰ মাজত কিছু পৰিমাণে আক্ৰান্ত হৈ এপিচিচিৰ জেনাৰেল চেক্রেটাৰি নাছিৰ খান, জিলা সভাপতি সহ আন বিষয়ববীয়া সকলে কোনোমতে ঘটনাস্থলী ত্যাগ কৰে। ঘটনাত কেবাজনো আহত হোৱাৰ খবৰ পোৱা গৈছে। আহত সকলক নিলামবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰোৱাৰ লগতে কিছুমানক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত পঠোৱা হয়। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ এনে বঙহ যুঁজে দলৰ স্থিতি কোন দিশে গতি কৰিব, এয়া হব লক্ষ্যনীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top