গুৱাহাটীত নিৰুদ্দেশ ধুবুৰীৰ যুৱক l Missing Boy

Missing Boy | ধুবুৰী মতিৰচৰ পঞ্চায়তৰ অন্তৰ্গত বেডলো অঞ্চলৰ যুৱক জাহিদুল হক গুৱাহাটীৰ পৰা নিৰুদ্দেশ ।কান্দোন ভাগি পৰিছে পৰিয়ালৰ লোকে ।

জানিব পৰা মতে জাহিদুল হকে কৰ্মসূত্ৰে থাকে গুৱাহাটীৰ ছয়মাইলত । জানিবলৈ দিয়া মতে যোৱা ২৪ জুলাই তাৰিখে গুৱাহাটী ছয়মাইলৰ পৰা ধুবুৰী অভিমুখে আহোঁতে উক্ত দিনৰ ৰাতিপুৱা 10 বজাত পৰা জালুকবাৰীৰ পৰা জাহিদুল হকৰ লগত যোগাযোগ বিছিন্ন হয় পৰিয়ালৰ লোকৰ । তেতিয়াৰ পৰা জাহিদুল হকক বিচাৰি কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক। ইতিমধ্যে নিৰুদ্দেশ জাহিদুল হকক বিচাৰি গুৱাহাটী জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে । যদি কোনোবাই সদাশয় ব্যক্তিয়ে যদি জাহিদুল হকক দেখা পায় অনুগ্ৰহ কৰি 8453523949 আৰু 9365768718 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনায় ভুক্তভুগী পৰিয়ালৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top