মাটিয়া আৰক্ষীৰ বৃহত সফলতা “চোৰ সহ দুখন চুৰি বাইক উদ্ধাৰ”

গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু মণি চৌধুৰীৰ নেতৃত্বত যোৱা কালি নিশা ১০ বজাত এক গোপন সূত্ৰৰ পম খেদি দুই বাইক চোৰক আটক কৰে,
জানিব পৰা অনুসৰি গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত সিধাবাৰী গাঁওৰ ছফিকুল ইছলাম (৩১) আৰু মাটিয়া থানাৰ অন্তৰ্গত ৰণুৱাৰ আনৱাৰ হুছেইন ( ২৩ ) নামৰ লোক দুজনে বাহিৰৰ পৰা বাইক সমূহ চুৰি কৰি লৈ আহি আন ঠাইত বিক্ৰী কৰে,
কিন্তু যোৱা কালি ছফিকুল আৰু আনৱাৰ দিন বেয়া আছিলে দুখন বাইক চুৰি কৰি মাটিয়া থানাৰ অন্তৰ্গত নন্দেশ্বৰত বিক্ৰী কৰিবলৈ লওঁতে মাটিয়া আৰক্ষীৰ জালত পৰিল দুই গভাইত চোৰ,
আৰক্ষীৰ সুত্ৰে জানিব পৰা অনুসৰি নম্বৰ বিহীন বাজাজ পালচাৰ NS 200 আৰু বাজাজ পালচাৰ NS 160 দুখন বাইক চোৰ দুজনৰ পৰা উদ্ধাৰ কৰে ।

কাৰিপাৰা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক চিন্টু নাথে কয় যে মাটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু মণি চৌধুৰী মাটিয়া থানালৈ অহাৰ পৰা মাটিয়া থানাৰ এলেকাত বহু চোৰ ডকাইত কমি যোৱা পৰিলক্ষিত হৈছে,

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top