বিজেপি চৰকাৰ মাটি লুভীয়া, উচ্ছেদত ৰাজনীতি জড়িত: গৌৰৱ গগৈ । Garuva Gogi

বিজেপি চৰকাৰ মাটি লুভীয়া, উচ্ছেদত ৰাজনীতি জড়িত: গৌৰৱ গগৈ । Garuva Gogi

Garuva Gogi । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজিৰ দিনা কামৰূপ জিলাৰ বকো-ছয়গাঁও সমষ্টিৰ বনগাঁওত অহা ১৬ জুলাইত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ সভাৰ প্ৰস্তুতি পৰিদৰ্শন কৰে। এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰাৰ কথা আছে। বনগাঁওৰ শান্তি নিজৰা ক্লাৱত প্ৰস্তুতি তৎপৰতাৰে চলি আছে বুলি জানিব পৰা গৈছে।

সভাস্থলী পৰিদৰ্শনৰ সময়ত গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰৰ উচ্ছেদ নীতিক তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, “বিজেপি চৰকাৰ মাটি লুভীয়া। অসমৰ মাটিত মামা-মামী আৰু আম্বানী-আদানীৰ দখল আছে। চৰকাৰে গৰিব মানুহক উচ্ছেদ কৰিছে কিন্তু তেওঁলোকক ক’ত থ’ব সেই উত্তৰ দিব পৰা নাই। ইয়াত ৰাজনীতি জড়িত। মাটিৰ ওপৰত চৰকাৰ আৰু বিধায়ক সকলে লোভ কৰিছে বুলি জনতাই বুজি পাইছে।”

গগৈয়ে লগতে কয় যে অসমৰ জনতাই বিজেপিৰ এই অন্যায়-অনিয়মৰ বিকল্প বিচাৰি পাব। তেওঁ আশা প্ৰকাশ কৰে যে ১৬ জুলাইত খাৰ্গে আৰু ৰাহুল গান্ধীৰ উপস্থিতিত বিভিন্ন সমস্যাৰ ওপৰত আলোচনা হ’ব আৰু সেই বাৰ্তা সকলোলৈ প্ৰসাৰিত হ’ব। এই বিশেষ সভাত কংগ্ৰেছৰ প্ৰতিগৰাকী মণ্ডল, ব্লক, জিলাৰ সভাপতি আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকল উপস্থিত থাকিব। দুয়োগৰাকী কেন্দ্ৰীয় নেতা ৰাজ্যৰ কাৰ্যকৰী আৰু কৰ্মীসকলক উৎসাহিত কৰিব বুলি জানিবলৈ দিয়ে গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top