Guwahati । কেন্দ্ৰীয় চৰকাৰৰ “শ্ৰমিক বিৰোধী, কৃষক বিৰোধী, আৰু ৰাষ্ট্ৰীয় কৰ্প’ৰেট বিৰোধী” নীতিসমূহৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে ১০টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে আজি ভাৰত বন্ধৰ আহ্বান জনাইছে। এই দেশজুৰি ধৰ্মঘটত বেংকিং, বীমা, ডাক, খনি, নিৰ্মাণ আদি খণ্ডৰ ২৫ কোটিৰো অধিক শ্ৰমিকে অংশগ্ৰহণ কৰিছে।
বন্ধৰ ফলত ৰাজহুৱা খণ্ডৰ বেংক আৰু সমবায় বেংকসমূহত চেক ক্লিয়াৰেন্স, ঋণ প্ৰক্ৰিয়াকৰণ আৰু গ্ৰাহক সেৱাত ব্যাঘাত ঘটাৰ সম্ভাৱনা দেখা গৈছে। বীমা খণ্ডতো একেধৰণৰ প্ৰভাৱ পৰিছে। পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্ৰত বেছি প্ৰভাৱ দেখা গৈছে। পশ্চিম বংগত ৰাজহুৱা বাছ, অটো-ৰিক্সা আৰু এপ ভিত্তিক টেক্সি সেৱা প্ৰায় বন্ধ হৈ পৰিছে।
ডাক বিভাগৰ কাম-কাজো পলম হোৱাৰ সম্ভাৱনা আছে। কয়লা খনন, তীখা আৰু নিৰ্মাণ খণ্ডৰ উৎপাদন আৰু যোগান ব্যাহত হ’ব বুলি অনুমান কৰা হৈছে। ভাৰতীয় ৰে’লৱেই এই ধৰ্মঘটত আনুষ্ঠানিকভাৱে অংশ লোৱাৰ কথা ঘোষণা কৰা নাছিল, যদিও বিহাৰৰ দৰভঙাত জয়নগৰ-পাটনা নমো ভাৰত এক্সপ্ৰেছ ৰে’ল অৱৰোধ কৰা হৈছে।
অসমত বিশেষকৈ গুৱাহাটীত বন্ধৰ প্ৰভাৱ গুৰুতৰ ৰূপ লৈছে। মহানগৰীৰ ASTC বাছৰ বাহিৰে প্ৰায় সকলো বাণিজ্যিক বাহন বন্ধ হৈ আছে। গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ চলাচল প্ৰায় বন্ধ।
ট্ৰেড ইউনিয়ন সমূহৰ তথ্য অনুসৰি, আজি বিদ্যালয়, মহাবিদ্যালয় আৰু ব্যক্তিগত কাৰ্যালয় খোলা থাকিলেও যান-বাহনৰ অচল অৱস্থাৰ বাবে স্বাভাৱিক কাম-কাজত ব্যাঘাত ঘটিব। আনফালে ৰাজ্যৰ কেইবাটাও শিক্ষানুষ্ঠানত গৰমৰ বন্ধ ঘোষণা কৰা হৈছে।
