গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা! হিন্দু যুৱকক নিচাযুক্ত দ্ৰব্য খুৱাই চুন্নত কৰোৱাৰ অভিযোগ, ধৰ্মান্তৰিত কৰাৰো অভিযোগ

গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা! হিন্দু যুৱকক নিচাযুক্ত দ্ৰব্য খুৱাই চুন্নত কৰোৱাৰ অভিযোগ, ধৰ্মান্তৰিত কৰাৰো অভিযোগ

গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা! হিন্দু যুৱকক নিচাযুক্ত দ্ৰব্য খুৱাই চুন্নত কৰোৱাৰ অভিযোগ, ধৰ্মান্তৰিত কৰাৰো অভিযোগ

ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী মুছলমান যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতে ৰাজস্থানৰ এজন হিন্দু যুৱকক নিচাযুক্ত দ্ৰব্য খুৱাই জোৰ-জুলুমকৈ চুন্নত কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, যুৱকজনক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰো অভিযোগ তুলিছে ভুক্তভোগীয়ে।

অভিযোগ অনুসৰি, ৰাজস্থানৰ অখিল কুমাৰ চান্দ নামৰ যুৱকজনে মানকাছাৰৰ এগৰাকী মুছলমান যুৱতীক বিবাহ কৰাইছিল। বিবাহৰ পাছতে যুৱকজনৰ সৈতে সংঘটিত হয় এই ঘটনা। গুৱাহাটীৰ ভঙাগড়ৰ টিভি টাৱাৰৰ সমীপত যুৱকজনক নিচাযুক্ত দ্ৰব্য খুৱাই চুন্নত কৰোৱা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।

আনকি যুৱকজনৰ পত্নীৰ পৰিয়ালে হাতীগাঁও আৰু বাংগালুৰুতো তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল বুলি জানিব পৰা গৈছে।

সমগ্ৰ ঘটনাক লৈ অৱশেষত ভুক্তভোগী যুৱকজনে ভঙাগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। যুৱকজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ চুন্নত সম্পৰ্কীয় স্বাস্থ্য পৰীক্ষা কৰায়। পৰীক্ষাৰ প্ৰতিবেদনত চুন্নত কৰোৱাৰ বিষয়টো স্পষ্ট হোৱা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। প্ৰকৃততে কি পৰিস্থিতিত যুৱকজনৰ চুন্নত কৰা হৈছিল, ধৰ্মান্তৰকৰণৰ অভিযোগৰ সত্যতা কিমান, সেই সকলো দিশ তদন্তৰ পাছতহে পোহৰলৈ আহিব।

সমগ্ৰ ঘটনাই গুৱাহাটীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top