‘শ্ৰী ৰঘুপতি’ৰ পাছত ৰবি শৰ্মাৰ নতুন ছবি ‘ৰুদ্ৰ’ ছবিগৃহত । RUDRA 2025


RUDRA
2025 । অসমৰ আইন-শৃংখলা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ পটভূমিত নিৰ্মাণ হোৱা নতুন অসমীয়া চলচ্চিত্ৰ ‘ৰুদ্ৰ’ শীঘ্ৰেই ছবিগৃহত মুক্তি পাব। শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ পৰিচালনা কৰিছে ৰূপক গগৈয়ে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই।

ছবিখনত ৰবি শৰ্মাক দুটা ভিন্ন ৰূপত অভিনয় কৰিব দেখি দৰ্শকৰ বাবে নতুন অভিজ্ঞতা হ’ব বুলি আশা কৰা হৈছে। অভিনেতাগৰাকীয়ে কয়, “ছবি চৰ্চাত থকাটো আমাৰ আৰম্ভণিৰ পৰাই প্ৰচেষ্টা। এইবাৰো দৰ্শকে কিবা নতুন ধৰণৰ বস্তু দেখিবলৈ পাইছে, সেইটো আমাৰ বাবে আনন্দৰ বিষয়। কোনো চলচ্চিত্ৰ উদ্যোগৰ সৈতে প্ৰতিযোগিতা নকৰি আমাৰ বাজেট আৰু সংস্কৃতিৰ মাজত পৰিয়ালৰ সকলোৰে উপভোগ কৰিব পৰা এখন ছবি তৈয়াৰ কৰিছো। দৰ্শকে নিজৰ টকা অপচয় কৰা যেন অনুভৱ নকৰে, সেইটো আমাৰ মূল উদ্দেশ্য।”

‘ৰুদ্ৰ’ত নতুনত্ব কি?

ৰবি শৰ্মাই লগতে উল্লেখ কৰে, “প্ৰতিখন ছবি আমাৰ বাবে এটি ক্লাচৰূমৰ দৰে। শিকাৰ শেষ নাই। এইবাৰ পূৰ্বৰ ছবিসমূহতকৈ কিছুমান নতুন চিন্তা দৰ্শকে দেখিবলৈ পাবে। ব্যক্তিকেন্দ্ৰিক কাহিনী নহয়, বহু চৰিত্ৰে একেলগে আগবঢ়োৱা এটি বৃহৎ পৰিসৰৰ ছবি। মোৰ নামৰ ওপৰত হোৱা এই ছবিতো ৰুদ্ৰৰ বহু ৰূপ দৰ্শকে উপভোগ কৰিব পাৰিব।”

ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ, অলোক নাথ, ৰাজীৱ ক্ৰ’, নিলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, অন্তৰা জিজি চৌধুৰী আদিকে ধৰি ন-পুৰণি বহু অভিনেতা-অভিনেত্ৰীয়ে। ছবিখনৰ সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু ইবশ্বন লাল বৰুৱাই

‘শ্ৰী ৰঘুপতি’ৰ সফলতাৰ পাছত ৰবি শৰ্মা অভিনীত এই নতুন ছবিখনক লৈ অসমীয়াৰ মাজত যথেষ্ট কৌতূহল পৰিলক্ষিত হৈছে। পৰিচালক ৰূপক গগৈ আৰু ৰবি শৰ্মাই আশা প্ৰকাশ কৰিছে যে ‘ৰুদ্ৰ’ দৰ্শকৰ ভালপোৱা আৰু সমাদৰ লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top