বকোত ব্যতিক্ৰমী বিবাহ !৬০ উৰ্ধৰ লাচিতে বিবাহপাশত আবদ্ধ হ’ল ৪৫ উৰ্ধৰ কাঞ্চনৰ সৈতে
বকোত বুধবাৰে সম্পন্ন হ’ল এখন ব্যতিক্ৰমী বিবাহ। বয়সক লৈ থকা প্ৰচলিত ধাৰণাক একাষৰীয়া কৰি ৬০ বছৰীয়া লাচিত দাসে ৪৫ বছৰীয়া কাঞ্চন দাসৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
কামৰূপ জিলাৰ বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিদিলাপাৰা-জালুকবাৰী গাঁৱৰ বাসিন্দা লাচিত দাস আৰু কাঞ্চন দাসে বকোৰ ঐতিহ্যমণ্ডিত যমুনেশ্বৰ শিৱালয়ত পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহ সম্পন্ন কৰে। গাঁওবাসী, আত্মীয়-স্বজন আৰু পুৰোহিতৰ উপস্থিতিত বিধি অনুসৰি সম্পন্ন হয় বিবাহৰ শুভকাৰ্য।

দৰা লাচিত দাসে জানিবলৈ দিয়া মতে, ইয়াৰ পূৰ্বে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু প্ৰথম পত্নীৰ মৃত্যুৰ পিছত দীৰ্ঘদিন ধৰি তেওঁ অকলশৰীয়া জীৱন কটাই আহিছিল। একাকীত্ব আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ পুনৰ বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰে লাচিতে।
সেই অনুসৰি পৰিয়াল, গঞা-গিয়াতি আৰু শুভাকাংক্ষীৰ সন্মতি আৰু সহযোগত কাঞ্চন দাসৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় তেওঁ।
লাচিত-কাঞ্চনৰ এই ব্যতিক্ৰমী বিবাহক লৈ অঞ্চলটোত সৃষ্টি হয় চৰ্চাৰ। শুভাকাংক্ষীসকলে নৱদম্পতীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ আগন্তুক বৈবাহিক জীৱন সুখ-শান্তিৰে পৰিপূৰ্ণ হওক বুলি কামনা কৰে।
