‘মোৰ দেউতাই ২২ বছৰ ধৰি ‘দৈনিক অসম’ৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সাংবাদিকতাৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই..’ On journalism..

On journalism.. ‘মোৰ দেউতাই ২২ বছৰ ধৰি ‘দৈনিক অসম’ৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সাংবাদিকতাৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই..’

সংবাদমেলত সাংবাদিকক কৰা মন্তব্য সন্দৰ্ভত দুখ প্ৰকাশ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সামাজিক মাধ্যমযোগে দুখ প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে।

সামাজিক মাধ্যমত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিলে বিশেষ পোষ্ট . যি পোষ্টত জ্যেষ্ঠ সাংবাদিক নিতুমনি শইকীয়াৰ সম্পাদনা কৰা ভিডিঅ’ দি লিখিলে এনেকৈ –

সংবাদ জগতৰ সৈতে আমাৰ পৰিয়ালৰ সম্পৰ্ক বহু পুৰণি। মোৰ দেউতাই ২২ বছৰ ‘দৈনিক অসম’ৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সেয়ে সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছিল, আছে আৰু সদায়েই থাকিব।

ইচ্ছাকৃত ভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই, তথাপিতো মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰবাবে মই সঁচাকৈয়ে দুঃখিত। লগতে এটা কথা মই বিনম্ৰতাৰে স্পষ্ট কৰি দিব খোজোঁ যে সিদিনাৰ সংবাদমেলত কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কথা কোৱা নাছিলোঁ, মাত্ৰ এটা নিৰ্দিষ্ট চেনেলৰ এগৰাকী নিৰ্দিষ্ট সাংবাদিকে তেওঁৰ মালিকপক্ষৰ ব্যক্তিগত স্বাৰ্থত উদ্দেশ্য প্ৰণোদিতভাবে মোক উপৰ্যুপৰি কৰা প্ৰশ্ন (বা একপ্ৰকাৰৰ জেৰা)-ত অতীষ্ঠ হৈ মোৰ মুখেৰে এষাৰ ক’বনলগীয়া বাক্য ওলাই গৈছিল। সেই বাক্যশাৰী মই নিশ্চয় ক’ব নালাগিছল। মই যদিও এগৰাকী নিৰ্দিষ্ট সাংবাদিকক উদ্দেশ্য কৰি সেই বাক্যশাৰী কৈছিলোঁ, তাক লৈ সমগ্ৰ সাংবাদিক সমাজে দুখ পোৱা বুলি জানি মই নিজেও মনত বৰ আঘাত পাইছোঁ। সেয়ে সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ৷

মোৰ এই অনিচ্ছাকৃত ভুলৰ অচিলা লৈ সেই নিৰ্দিষ্ট সংবাদগোষ্ঠীটোৰ এগৰাকী মুখ্য সম্পাদকে মোৰ ৰাজহুৱা ভাৱমূৰ্তি ধ্বংস কৰিবলৈ বিশেষ উদ্যোগ লৈ অহা আমি দেখিবলৈ পাইছোঁ৷ সেইগৰাকী সাংবাদিকে নিজৰেই সতীৰ্থসকলৰ প্ৰতি নিজে কিমান শ্ৰদ্ধাশীল, সেই কথা বুজিবলৈ সকলোৱে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো সম্পূৰ্ণকৈ এবাৰ চাব পাৰে৷ আশাকৰোঁ, সকলোৱে সকলোৰে প্ৰতি সমদৃষ্টি ৰাখিব। এয়াই মোৰ বিনম্ৰ অনুৰোধ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top