Kahinoor Theatre ইতিহাস হ’ব নেকি কহিনুৰ থিয়েটাৰ? ৫১ বছৰীয়া সোণালী যাত্ৰাৰ অৱসানৰ ইংগিত!
বন্ধ হোৱাৰ পথত অসমৰ ঐতিহ্যমণ্ডিত কহিনুৰ থিয়েটাৰ! সামাজিক মাধ্যমত আৱেগিক পোষ্টযোগে সামৰণিৰ ইংগিত প্ৰযোজক তপন লহকৰৰ। পিতৃ ৰতন লহকৰে ৪৭ বিঘা মাটি বিক্ৰী কৰি জন্ম দিছিল কহিনুৰ থিয়েটাৰৰ।

এসময়ত অসমৰ ভ্ৰাম্যমাণ নাট্যজগতত সোণালী ইতিহাস ৰচনা কৰা বজালীৰ বুকুত জন্ম লাভ কৰা ঐতিহ্যমণ্ডিত কহিনুৰ থিয়েটাৰৰ যাত্ৰা সঁচাকৈয়ে অন্ত পৰিব নেকি? সোণালী জয়ন্তী গৰকা এই নাট্যদলটোক আৰু মঞ্চত দেখা নাপাব নেকি অসমৰ অগণন নাট্যপ্ৰেমী ৰাইজে?
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতখনলৈ যেন নামি আহিছে এক বিষাদৰ ছাঁ। ৫১ বছৰীয়া গৌৰৱোজ্জ্বল পৰিক্ৰমাৰ সামৰণি পৰাৰ ইংগিত দিছে কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে। সামাজিক মাধ্যমত এটা আৱেগিক পোষ্টযোগে কহিনুৰ থিয়েটাৰৰ এয়াই অন্তিম বৰ্ষ বুলি ঘোষণা কৰাৰ পাছতে নাট্যপ্ৰেমীসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক চৰ্চা।
উল্লেখ্য যে, কহিনুৰ থিয়েটাৰ কেৱল এখন ভ্ৰাম্যমাণ নাট্যদলেই নহয়, ই অসমৰ সাংস্কৃতিক ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়। পিতৃ ৰতন লহকৰে ৪৭ বিঘা মাটি বিক্ৰী কৰি কহিনুৰ থিয়েটাৰৰ জন্ম দিছিল। এক গভীৰ সপোন আৰু ত্যাগৰ আধাৰত গঢ় লৈ উঠা এই নাট্যদলে বছৰ বছৰ ধৰি অসমৰ নাট্যপ্ৰেমী ৰাইজক মনোৰঞ্জন দিয়াৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰম্পৰাক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
দীৰ্ঘ ৫১ বছৰে অগণন দৰ্শকৰ মৰম আৰু আৱেগ বুকুত বান্ধি আগবাঢ়ি অহা কহিনুৰ থিয়েটাৰৰ এই সম্ভাৱ্য সামৰণিৰ খবৰে স্বাভাৱিকতেই ব্যথিত কৰিছে নাট্যপ্ৰেমীসকলক। এসময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাট্যপ্ৰেমীৰ ভিৰ সৃষ্টি কৰা এই ঐতিহ্যমণ্ডিত নাট্যদলটোৰ যাত্ৰা সঁচাকৈয়ে থমকি ৰ’ব নেকি, সেয়া এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।
৫১ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰ অৱসান ঘটিবলৈ বাকী আৰু মাত্ৰ কেইটামান মাহ! কহিনুৰ থিয়েটাৰৰ পৰ্দা সঁচাকৈয়ে শেষবাৰৰ বাবে নামিব নেকি? নে নাট্যপ্ৰেমীৰ আৱেগ আৰু মৰমে পুনৰ জীপাল কৰি তুলিব এই ঐতিহ্যমণ্ডিত নাট্যদলটোক? এতিয়া সকলোৰে দৃষ্টি প্ৰযোজক তপন লহকৰৰ পৰৱৰ্তী সিদ্ধান্তৰ ওপৰত।
