পাঁচজনকৈ লোকৰ হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণিৰ আত্মসমৰ্পণ! ক’লা ৰঙৰ বাহনত উঠি আৰক্ষী থানাত উপস্থিত, সংবাদ মাধ্যমৰ আগত ক’লে মাত্ৰ এষাৰ কথা
অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে গুৱাহাটীৰ হোটেল বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে। শনিবাৰে পুৱাই ধেমাজিৰ চিচিবৰ আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে জোনমণিয়ে। এখন নম্বৰ প্লেটবিহীন ক’লা ৰঙৰ বাহনত অধিবক্তাৰ সৈতে আৰক্ষী থানাত উপস্থিত হয় তেওঁ। মুখত মাস্ক আৰু কাপোৰেৰে মুখ ঢাকি অহা জোনমণিয়ে সংবাদ মাধ্যমৰ আগত কেৱল কয়, ‘নিজেই ইয়ালৈ আহিছোঁ।’
উল্লেখ্য যে, যোৱা ২৬ অক্টোবৰৰ সন্ধিয়া গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালীসহ মুঠ পাঁচগৰাকী লোকৰ মৃত্যু হৈছিল। এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগত ঘনকান্ত গগৈক ঘটনাৰ কিছু সময়ৰ পিছতে গুৱাহাটী আৰক্ষীয়ে আটক কৰিছিল। কিন্তু ঘটনাৰ দিনাই সাউকুছিস্থিত ভাৰাঘৰৰ পৰা আঁতৰি গৈছিল ঘনকান্তৰ পত্নী জোনমণি গগৈ।
হোটেল বিলাস ইন হত্যাকাণ্ডৰ পিছতে ঘনকান্ত গগৈৰ এটাৰ পিছত এটাকৈ প্ৰৱঞ্চনাৰ অভিযোগ পোহৰলৈ অহাৰ লগে লগে তেওঁৰ পত্নী জোনমণিৰ ভূমিকাক লৈও বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু ২৬ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈকে জোনমণিৰ অৱস্থিতি সন্দৰ্ভত কোনো স্পষ্ট তথ্য লাভ কৰা হোৱা নাছিল। ক’ত আছে, ক’ত আত্মগোপন কৰি আছে জোনমণি, সেয়াই হৈ পৰিছিল চৰ্চাৰ বিষয়।
ইয়াৰ মাজতে ৩০ অক্টোবৰত ৰাজ্যৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ কেমেৰাৰ সন্মুখত উপস্থিত হয় জোনমণি। সংবাদ মাধ্যমৰ আগত স্বামী ঘনকান্ত গগৈৰ পক্ষ লৈ তেওঁ দাবী কৰিছিল যে আত্মৰক্ষাৰ বাবেহে ঘনকান্তই গুলীচালনা কৰিবলৈ বাধ্য হৈছিল। তেওঁৰ এই মন্তব্যৰ পিছতে ঘটনাটোৱে নতুন মোৰ লয়।
শুকুৰবাৰে জোনমণিৰ আত্মসমৰ্পণৰ সম্ভাৱনাই দেখা দিছিল। অৱশেষত শনিবাৰে পুৱাই অধিবক্তাৰ সৈতে চিচিবৰ আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে তেওঁ। এতিয়া জোনমণি গগৈৰ আত্মসমৰ্পণৰ পিছত আৰক্ষীৰ তদন্তত কি কি নতুন তথ্য পোহৰলৈ আহে, সেয়া হ’ব লক্ষণীয়।
