জুবিনৰ ন্যায়ৰ দাবীত আন্দোলন অধিক তীব্ৰ কৰাৰ সিদ্ধান্ত, ৫ নৱেম্বৰত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশাল গণ সমাৱেশ

জুবিনৰ ন্যায়ৰ দাবীত আন্দোলন অধিক তীব্ৰ কৰাৰ সিদ্ধান্ত, ৫ নৱেম্বৰত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশাল গণ সমাৱেশ

জুবিনৰ ন্যায়ৰ দাবীত আন্দোলন অধিক তীব্ৰ কৰাৰ সিদ্ধান্ত, ৫ নৱেম্বৰত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশাল গণ সমাৱেশ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আন্দোলন অধিক তীব্ৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ‘জুবিন গাৰ্গ ন্যায় দাবী সমিতি’য়ে। শুকুৰবাৰে নিশা অনুষ্ঠিত সমিতিৰ অনলাইন বৈঠকত পাঁচটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত অহা ৫ নৱেম্বৰত সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত অন্যতম।

সমিতিৰ সিদ্ধান্ত অনুসৰি, ৬ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ দুগৰাকী অভিযুক্তৰ জামিন আবেদনৰ চূড়ান্ত শুনানি অনুষ্ঠিত হোৱাৰ কথা। এই শুনানিৰ এদিন পূৰ্বে অৰ্থাৎ ৫ নৱেম্বৰত গণ সমাৱেশৰ আয়োজন কৰা হ’ব। আনহাতে, শুনানিৰ দিনা ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক আদালতত উপস্থিত থাকি অভিযুক্তসকলৰ জামিনৰ বিৰোধিতা কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সমিতিয়ে।

ইফালে, জামিন লাভ কৰা দুগৰাকী অভিযুক্তৰ জামিন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা ৰাজ্য চৰকাৰৰ পদক্ষেপক ধন্যবাদ জনাইছে সমিতিয়ে। অৱশ্যে অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন বাতিল নোহোৱা পৰ্যন্ত ন্যায়ৰ দাবীত আন্দোলন অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰিছে সমিতিয়ে।

সমিতিৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, পৰ্যায় ক্ৰমে অসমৰ প্ৰতিখন জিলাতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গণ আন্দোলন আৰু গণ সমাৱেশ অনুষ্ঠিত কৰা হ’ব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী জুবিন অনুৰাগীসকলক সমিতিৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। একেদৰে ৰাজ্যৰ সকলো জাতীয়-জনগোষ্ঠীয় সংগঠনৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহকো এই আন্দোলনত ঐক্যবদ্ধ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

তৃতীয়টো প্ৰস্তাৱত গোচৰটোৰ তদন্ত অধিক বিস্তৃত কৰাৰ বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰা হৈছে। গোচৰটোৰ প্ৰথম অভিযোগকাৰী অধিবক্তা ৰাতুল বড়াৰ জৰিয়তে অসমৰ জ্যেষ্ঠ অধিবক্তাসকলৰ সহযোগত সংশ্লিষ্ট আদালতত আবেদন দাখিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তদন্তকাৰী সংস্থাক অধিক তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে অতিৰিক্ত অভিযোগনামা দাখিলৰ বাবেও আবেদন জনোৱা হ’ব বুলি সমিতিয়ে জানিবলৈ দিছে।

ইয়াৰ উপৰি জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে জুবিন ক্ষেত্ৰত নিয়মীয়াকৈ সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে ছবি অঁকা, বক্তৃতা আৰু তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব।

জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ দৃঢ় সংকল্পৰে বৈঠকৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top