Orunodoi অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰা ভেৰ ভেৰি বিলৰ কোন এই আব্দুল হামিদ?
দুখীয়া দৰিদ্ৰ মহিলাক অৰুণোদয় কৰি দিয়াৰ নামত ধন সংগ্ৰহ।
সহজ সৰল মহিলাক মিছা আশাৰে সংগ্ৰহ কৰিছে বহু ধন।
দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰ ভেৰি বিল গাঁৱত অৰুণোদয় আঁচনি কৰি দিয়াৰ নামত দুখীয়া-দৰিদ্ৰ মহিলাৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ভুক্তভোগী মহিলাসকলৰ অভিযোগ অনুসৰি, গাঁওখনৰ আব্দুল হামিদ নামৰ লোক এজনে অৰুণোদয় আঁচনি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতিগৰাকী মহিলাৰ পৰা ২ হাজাৰৰ পৰা ৩ হাজাৰ টকালৈকে সংগ্ৰহ কৰিছিল। কিন্তু প্ৰায় তিনি বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকৰ নাম আঁচনিখনত অন্তৰ্ভুক্ত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে।

তেওঁলোকৰ দাবী, বিভিন্ন সময়ত বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকক ঘূৰাই ৰখা হৈছে। এই ঘটনাক লৈ সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি ভুক্তভোগী মহিলাসকলে লোকজনৰ বিৰুদ্ধে উচিত তদন্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ আৰু সংগ্ৰহ কৰা ধন ঘূৰাই দিয়াৰ দাবী জনায়।

আনহাতে আব্দুল হামিদ নামৰ লোক জন BPF দলৰ মণ্ডলৰ প্ৰাইমাৰী সভাপতি বুলিও জানিব পৰা গৈছে। ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক চৰ্চা চলি থকাৰ সময়তে স্থানীয় ৰাইজে বিষয়টোৰ নিৰপেক্ষ তদন্ত কৰি সত্য উদ্ঘাটন কৰাৰ লগতে দোষী সাব্যস্ত হ’লে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ঘটনাৰ তদন্তৰ দাবী জনায় ইতিমধ্যে মহিলা সকলে আব্দুল হামিদ আৰু ৰুহুল আমিন নামৰ লোক দুজনৰ বিৰুদ্ধে দৰং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে। আনহাতে আৰক্ষীৰ তদন্তৰ পিছত হে প্ৰকাশ পাব ঘটনাৰ প্ৰকৃত সত্যতা।

