Assamese actress Purabi Sarma passed away অসমীয়া চলচ্চিত্ৰ জগতলৈ শোকৰ ছাঁ : অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান
অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে এক গভীৰ শোকাৱহ খবৰ। জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মাই জীৱনৰ মঞ্চ এৰি চিৰবিদায় ল’লে। মঙলবাৰে হঠাতে অসুস্থ হৈ পৰাৰ পিছত তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয় (নাৰ্ছিং হোম)লৈ নিয়া হয়। চিকিৎসকৰ সকলো প্ৰচেষ্টাৰ পাছতো তেওঁক বচাব পৰা নগ’ল আৰু চিকিৎসালয়তে মৃত ঘোষণা কৰা হয়।

জানিব পৰা মতে, হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলতেই অভিনেত্ৰীগৰাকীৰ মৃত্যু হয়। এই আকস্মিক খবৰে অসমীয়া চলচ্চিত্ৰ জগত, শিল্পী সমাজ আৰু অসংখ্য অনুৰাগীক গভীৰ শোকত নিমজ্জিত কৰিছে।
পূৰৱী শৰ্মা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী সুপৰিচিত আৰু জনপ্ৰিয় অভিনেত্ৰী আছিল। তেওঁ বহুকেইখন জনপ্ৰিয় অসমীয়া ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল। স্বাভাৱিক অভিনয়, সজীৱ অভিব্যক্তি আৰু শক্তিশালী পৰ্দা-উপস্থিতিৰ বাবে তেওঁ বিশেষভাৱে সমাদৃত হৈছিল।

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চলচ্চিত্ৰ জগতৰ শিল্পী, পৰিচালক, সাংস্কৃতিক কৰ্মী আৰু অনুৰাগীসকলে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমতো শোকবাৰ্তা আৰু স্মৃতিচাৰণাৰে ভৰি পৰিছে।আজিয়েই সম্পন্ন হ’ব পূৰবী শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া, ভূটনাথত ।
পূৰৱী শৰ্মাৰ এই অকাল বিয়োগে অসমীয়া চলচ্চিত্ৰ জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে। শিল্পী হিচাপে তেওঁৰ অৱদান আৰু স্মৃতি অনুৰাগীসকলৰ মনত চিৰদিন জীয়াই থাকিব।

