কাজিৰঙাৰ সমীপত বিলাসবহুল হোটেল নিৰ্মাণৰ বিৰোধিতা: সমাজকৰ্মী প্ৰণৱ দলেক আটক । Pranab Doley arrested in Guwahati over Bokakhat case

কাজিৰঙাৰ সমীপত বিলাসবহুল হোটেল নিৰ্মাণৰ বিৰোধিতা: সমাজকৰ্মী প্ৰণৱ দলেক আটক । Pranab Doley arrested in Guwahati over Bokakhat case

Pranab Doley arrested in Guwahati over Bokakhat case । কাজিৰঙাৰ সমীপত বিলাসবহুল হোটেল নিৰ্মাণৰ বিৰোধিতা: সমাজকৰ্মী প্ৰণৱ দলেক আটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত প্ৰস্তাৱিত বিলাসবহুল হোটেল নিৰ্মাণৰ বিৰোধিতাক কেন্দ্ৰ কৰি বোকাখাতৰ সমাজকৰ্মী প্ৰণৱ দলেক দিছপুৰ আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা মতে, পৰিৱেশ সংৰক্ষণ, বনাঞ্চল ৰক্ষা আৰু খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰৰ সপক্ষে চলি থকা আন্দোলনৰ সৈতে জড়িত প্ৰণৱ দলেক সোধা-পোছাৰ বাবে দিছপুৰ থানালৈ অনা হৈছে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে।

আৰক্ষীৰ তথ্য অনুসৰি, তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত ৬১(২), ১৯১(২), ১৯১(৩), ১৯০, ৩২৯(৩), ৩২৪(২), ২২১, ১৩২, ১২১, ১২১(১), ১২১(২), ৩৫১(৩), ৭৪, ৩২৬(জি) আৰু ৬২ নং ধাৰা অন্তৰ্ভুক্ত আছে।

উল্লেখ্য যে, এই গোচৰটো পূৰ্বতে বোকাখাত থানাত ৰুজু কৰা হৈছিল। আইনগত পৰৱৰ্তী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ উদ্দেশ্যে প্ৰণৱ দলেক শীঘ্ৰেই বোকাখাত আৰক্ষীৰ হাতত চমজাই দিয়া হ’ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

ঘটনাটোৱে অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে এই সন্দৰ্ভত প্ৰণৱ দলেক বা তেওঁৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া এতিয়াও লাভ কৰা হোৱা নাই। আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top