নলবাৰীত ৰাজ্যিক পৰ্যায়ৰ নিচাযুক্ত দ্ৰব্য বিনষ্ট অভিযান: ৪৭২.৫১ কোটি টকাৰ ড্ৰাগছ ধ্বংস, শূন্য সহনশীল নীতি পুনৰ দোহাৰে মুখ্যমন্ত্ৰীৰ । NALBARI CM

নলবাৰীত ৰাজ্যিক পৰ্যায়ৰ নিচাযুক্ত দ্ৰব্য বিনষ্ট অভিযান: ৪৭২.৫১ কোটি টকাৰ ড্ৰাগছ ধ্বংস, শূন্য সহনশীল নীতি পুনৰ দোহাৰে মুখ্যমন্ত্ৰীৰ । NALBARI CM

NALBARI CM । নলবাৰীৰ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ চৌহদত দেওবাৰে ৰাজ্যিক পৰ্যায়ৰ নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ অভিযান অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ৰাজ্যজুৰি আৰক্ষী আৰু আৱকাৰী বিভাগে জব্দ কৰা মুঠ ৪৭২.৫১ কোটি টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য ধ্বংস কৰে।

এই অভিযানত বিনষ্ট কৰা নিচাযুক্ত দ্ৰব্যসমূহৰ ভিতৰত হেৰইন, ভাং, কফ ছিৰাপ, নিচাযুক্ত টেবলেট আদি বিভিন্ন ধৰণৰ ড্ৰাগছ অন্তৰ্ভুক্ত আছিল। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে ৰ’লাৰ চলাই আৰক্ষী আৰু আৱকাৰী বিভাগে জব্দ কৰা অবৈধ সুৰাও বিনষ্ট কৰে।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, অসম আৰক্ষীৰ সমন্বিত প্ৰচেষ্টাত একে সময়তে ৰাজ্যৰ প্ৰতিখন জিলাত নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হৈছে। তেওঁ কয় যে, ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰে আৰম্ভণিৰে পৰা শূন্য সহনশীল (Zero Tolerance) নীতি গ্ৰহণ কৰি কঠোৰ অভিযান অব্যাহত ৰাখিছে।

তেওঁ উল্লেখ কৰে যে, বিগত পাঁচ বছৰত অসম আৰক্ষীয়ে ৩,২২৭ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ৩,৩০০টা NDPS আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত থকা কঠোৰ ব্যৱস্থাৰ ফলত ৰাজ্যজুৰি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান অধিক জোৰদাৰ হৈছে।

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৃষ্ঠপোষকতাত কিছুদিন পূৰ্বে দৌলাশালত আধুনিক ড্ৰাগছ বিনষ্টকৰণ যন্ত্ৰ স্থাপন কৰা হৈছিল। সেই যন্ত্ৰৰ সহায়তেই বৃহৎ পৰিমাণৰ জব্দ কৰা নিচাযুক্ত দ্ৰব্য ধ্বংস কৰা হৈছে।

ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ড্ৰাগছৰ সমস্যা কেৱল আইন-শৃংখলাৰ বিষয় নহয়, ই সমাজৰ এক ভয়ংকৰ ব্যাধি। সেয়েহে এই অপশক্তিৰ বিৰুদ্ধে চৰকাৰ, আৰক্ষী, অভিভাৱক, সমাজ আৰু সকলো সচেতন নাগৰিকে একেলগে আগবাঢ়ি আহিব লাগিব। তেওঁ বিশেষকৈ যুৱ সমাজক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ সকলোকে সজাগ আৰু দায়িত্বশীল ভূমিকা গ্ৰহণ কৰাৰ আহ্বান জনায়।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিধানসভাতো ড্ৰাগছৰ সমস্যা নিৰ্মূলৰ ক্ষেত্ৰত শাসক-বিৰোধী উভয় পক্ষই একত্ৰিতভাৱে মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে, ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে এই অভিযান ভৱিষ্যতেও একেই কঠোৰতাৰে অব্যাহত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top