গৌৰীপুৰত দুজন সাংবাদিকৰ ওপৰত আক্ৰমণৰ অভিযোগ, ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী । Journalist
Journalist । ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধুশৈলমাৰী দ্বিতীয় খণ্ডত MGNREGA আঁচনিৰ অধীনত চলি থকা এখন ৰাস্তাৰ কামত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ দুজন সাংবাদিক আক্ৰমণৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি, NE BHARAT 24-ৰ সাংবাদিক অপিয়ল হক আৰু ASSAM TIMES 365 ৱেব প’ৰ্টেলৰ সাংবাদিক নুৰ হুছেইন ঘটনাস্থলীত ভিডিঅ’গ্ৰাফী কৰি থকা সময়তে পুৰুষ আৰু মহিলা মিলি এটি দলে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায়।
সাংবাদিক দুগৰাকীৰ অভিযোগ অনুসৰি, এই আক্ৰমণৰ মূল পৰিকল্পনাকাৰী হৈছে গাঁওখনৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক ৰাকিব আহমেদ। আক্ৰমণৰ পিছত তেওঁলোকক এটা ঘৰত বন্ধ কৰি ৰখা হয় আৰু মোবাইল ফোন, পৰিচয় পত্ৰ (আই-কাৰ্ড) কঢ়িয়াই লোৱাৰ লগতে তেওঁলোকৰ ব্যৱহৃত মটৰচাইকেলো ভাঙি পেলোৱা হয় বুলি অভিযোগ কৰিছে।
পৰৱৰ্তী সময়ত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিক দুগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ যায়। এই ঘটনাৰ পিছতে সাংবাদিক অপিয়ল হকে গৌৰীপুৰ আৰক্ষী থানাত শিক্ষক ৰাকিব আহমেদ, বাচ্ছা মনা, আব্দুল মুন্নাফ, আব্দুল কালাম, ৰফিকুল ইছলাম, মফিজউদ্দিন, ৰমিউল ইছলাম আৰু শবনম খাতুনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
এই ঘটনাক কেন্দ্ৰ কৰি সাংবাদিক মহল আৰু বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সংবাদমাধ্যমৰ স্বাধীনতা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হোৱা এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দি অভিযুক্তসকলক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা হৈছে।
সাংবাদিক সংগঠনসমূহে সকীয়াই দিয়ে যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোকে গণতান্ত্ৰিক পদ্ধতিৰে বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ লগতে বিকল্প পদক্ষেপ গ্ৰহণ কৰিব।
