যুৱ সাংবাদিক ৰমজান খানৰ মৃত্যুত শোকৰ ছাঁ, চুইচাইড নোট উদ্ধাৰৰ দাবী; তদন্ত অব্যাহত । journalist death

যুৱ সাংবাদিক ৰমজান খানৰ মৃত্যুত শোকৰ ছাঁ, চুইচাইড নোট উদ্ধাৰৰ দাবী; তদন্ত অব্যাহত । journalist death

journalist death যুৱ সাংবাদিক ৰমজান খানৰ মৃত্যুত শোকৰ ছাঁ, চুইচাইড নোট উদ্ধাৰৰ দাবী; তদন্ত অব্যাহত

বৰপেটা জিলাৰ হৰিপুৰ গাঁৱৰ নিবাসী যুৱ সাংবাদিক ৰমজান খানে নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰা বুলি আৰক্ষীৰ প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে। ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলোৱাৰ লগতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্থানীয় সূত্ৰ অনুসৰি, ঘটনাস্থলীৰ পৰা এখন চুইচাইড নোট উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে। সেই নোটখনত পীড়লা গাঁৱৰ ৰফিকুল নামৰ এজন লোকৰ নাম উল্লেখ থকা বুলি জানিব পৰা গৈছে। অৱশ্যে, নোটখনৰ সত্যতা, ইয়াৰ বিষয়বস্তু আৰু উল্লেখিত ব্যক্তিৰ সম্ভাৱ্য জড়িততা এতিয়াও আৰক্ষীয়ে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

জানিব পৰা মতে, ৰমজান খান এটা পৰ্টেল নিউজ চেনেলৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল। তেওঁৰ এই আকস্মিক মৃত্যুৰ সঠিক কাৰণ বৰ্তমানলৈ স্পষ্ট হোৱা নাই।

ঘটনাৰ খবৰ পাই তাৰাবৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

যুৱ সাংবাদিকগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ পৰিবেশ বিৰাজ কৰিছে। ঘটনাটোৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰি যদি কোনো দোষী থাকে, তেন্তে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে নিৰপেক্ষ আৰু উচিত তদন্তৰ দাবী জনাইছে।

আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top