BJP Joining ।অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়তে ,কংগ্ৰেছ দলৰ ভাল দিন বুলি আলোচনা চলি থকাৰ সময়তে আজি ৰঙিয়াত এক বেয়া খবৰ কংগ্ৰেছ দলৰ বাবে ।

ৰঙিয়া পৌৰসভাৰ কংগ্ৰেছ দলৰ দুজনকৈ পাৰিষদ বিজেপি দলত যোগদান কৰে । উল্লেখযোগ্য যে ৰঙিয়া পৌৰ সভাৰ ১০ খন আসনৰ ভিতৰত ৮ খন বিজেপি দলে দখল কৰিছিল আৰু ইয়াৰে ৮ নং আৰু ১০নং পাৰিষদ দুখন কংগ্ৰেছ দলে দখল কৰিছিল । বুধবাৰে ৰঙিয়া দিপ্তেশ্বৰি ৰাস মন্দিৰ প্ৰাংগনত নতুন পঞ্চায়ত প্ৰতিনিধি সকলৰ এখন চিনাকি সভা আয়োজিত কৰা হৈছিল বিজেপি দলৰ পৰা ,এই সভাতে দুয়োজন পৰিষদে ক্ৰমে ৰেছমা আহমেদ আৰু চানোৱাৰা বেগমে বিজেপি দলত যোগদান কৰে ।
