হোমষ্টেৰ কোঠাত ৰহস্যজনক ঘটনা, দৰ্জা খোলাৰ পিছতে পোহৰলৈ আহিল সমগ্ৰ ঘটনাৰ আঁৰৰ কাহিনী । Sivasagar Girl Death: 

হোমষ্টেৰ কোঠাত ৰহস্যজনক ঘটনা, দৰ্জা খোলাৰ পিছতে পোহৰলৈ আহিল সমগ্ৰ ঘটনাৰ আঁৰৰ কাহিনী । Sivasagar Girl Death: 

Sivasagar Girl Death:  হোমষ্টেৰ কোঠাত ৰহস্যজনক ঘটনা, দৰ্জা খোলাৰ পিছতে পোহৰলৈ আহিল সমগ্ৰ ঘটনাৰ আঁৰৰ কাহিনী

এক হোমষ্টেত সংঘটিত হোৱা এক ৰহস্যজনক ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, যুৱতীগৰাকীয়ে দীৰ্ঘ সময় ধৰি কোঠাৰ দৰ্জা নোখোলাত লগত থকা অবিনাশ নামৰ যুৱকজনে বিষয়টো হোমষ্টেৰ কৰ্তৃপক্ষক অৱগত কৰে। ইয়াৰ পিছত হোমষ্টেৰ কৰ্মচাৰীসকলে কোঠাটোৰ দৰ্জা খোলে।

দৰ্জা খোলাৰ পিছতে ঘটনাটোৰ আঁৰৰ সমগ্ৰ ৰহস্য পোহৰলৈ আহে। যদিও ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু আনুষ্ঠানিকভাৱে সকলো তথ্য প্ৰকাশ কৰা হোৱা নাই।

হোমষ্টেৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, যুৱতীগৰাকী আৰু অবিনাশ নামৰ যুৱকজন ইয়াৰ পূৰ্বেও একাধিকবাৰ উক্ত হোমষ্টেলৈ আহিছিল।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশ তদন্ত কৰি আছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে।
দিনৰ ১১ বজাত হোমষ্টেত সোমাইছিল কৃষ্ণা আৰু অবিনাশ! তাৰ পিছতে হোমষ্টেৰ পৰা ওলাই গৈছিল অবিনাশ! হোমষ্টেলৈ পুনৰ ঘূৰি আহি অবিনাশে যি দেখিলে… লাগি গ’ল হাহাকাৰ!
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা। হোমষ্টেৰ কোঠাৰ ভিতৰত ওলাল এগৰাকী দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰীৰ মৃতদেহ। শিৱসাগৰ জয়সাগৰ জোনাকী নগৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে ছাত্ৰীগৰাকীৰ নাম। মৃত ছাত্ৰীগৰাকী শিৱসাগৰ ছোৱালী কলেজৰ কৃষ্ণা গগৈ বুলি জানিব পৰা গৈছে।
জোনাকী নগৰৰ হলিদে হোমষ্টেত সন্দেহজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৃষ্ণাৰ মৃতদেহ। শিৱসাগৰ বেতবাৰী বাকচু খেলুৱাৰ বিজিত গগৈৰ কন্যা মৃত কৃষ্ণা গগৈ।
ঘটনা সন্দৰ্ভত অবিনাশ কোঁৱৰ নামৰ এজন যুৱকক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে। অবিনাশ কোঁৱৰৰ ঘৰ শিৱসাগৰ বেতবাৰী ২ নং কোঁৱৰ গাঁৱত।
জানিব পৰা অনুসৰি অবিনাশ কোঁৱৰৰ সৈতে আজি দিনৰ ১১বজাত হলিদে হোমষ্টেত প্ৰৱেশ কৰিছিল কৃষ্ণা গগৈয়ে। কিন্তু দিনৰ ১২ মান বজাত হোমষ্টেৰ পৰা ওলাই গৈছিল অবিনাশ কোঁৱৰ। তাৰ পিছতে পুনৰ হোমষ্টেলৈ ঘূৰি আহি কোঠাৰ দৰ্জাত টুকুৰিয়াইছিল অবিনাশে।
কিন্তু যুৱতীগৰাকীয়ে দৰ্জা খুলি নিদিয়াত হোমষ্টেৰ লোকক অৱগত কৰে অবিনাশে। হোমষ্টেৰ কোঠাটোৰ দৰ্জা খোলাৰ পিছতে ফাদিল হয় সমগ্ৰ ৰহস্য। হোমষ্টেৰ লোকে জনোৱা অনুসৰি প্ৰায়ে হোমষ্টেলৈ আহিছিল যুৱতীগৰাকী আৰু অবিনাশ নামৰ যুৱকজন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top