উত্তৰ গুৱাহাটীত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, দুয়ো পক্ষৰ মাজত মাৰপিট । North Guwahati

উত্তৰ গুৱাহাটীত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, দুয়ো পক্ষৰ মাজত মাৰপিট । North Guwahati

North Guwahati । উত্তৰ গুৱাহাটীৰ ৰাজপথত এগৰাকী মহিলা চিকিৎসক আৰু প্ৰদীপ কলিতা নামৰ এজন ব্যৱসায়ীৰ মাজত সংঘটিত হোৱা কাজিয়াক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পথ দুৰ্ঘটনাক লৈ আৰম্ভ হোৱা বাক-বিতণ্ডাই পিছত ভয়াবহ ৰূপ ধাৰণ কৰি দুয়ো পক্ষৰ মাজত মাৰপিটলৈ ৰূপান্তৰিত হয়।

জানিব পৰা মতে, উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ সমুখতে সংঘটিত হোৱা ঘটনাটোত ব্যৱসায়ী প্ৰদীপ কলিতাৰ বাহনৰ লুকিং গ্লাছ চিকিৎসক মহিলাগৰাকীৰ পুত্ৰই ভাঙি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি প্ৰথমে দুয়ো পক্ষৰ মাজত তৰ্ক-বিতৰ্ক আৰম্ভ হয় আৰু পিছত পৰিস্থিতি উত্তপ্ত হৈ মাৰপিটৰ ঘটনা সংঘটিত হয়।

ঘটনাৰ পিছতে অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীসকলৰ মতে, ৰাজপথতে দুয়ো পক্ষৰ মাজত তীব্ৰ বাদানুবাদ আৰু হতাহতি হোৱা দেখা যায়।

ইফালে, ব্যৱসায়ী প্ৰদীপ কলিতাই ঘটনাটোক লৈ উত্তৰ গুৱাহাটী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে। তেওঁৰ দাবী অনুসৰি, চিকিৎসক মহিলাগৰাকীৰ পুত্ৰই তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে গুৰুলা-গুৰুলকৈ মাৰপিট কৰে।

আনহাতে, ঘটনাটোৰ আনটো পক্ষৰ বক্তব্য এতিয়াও স্পষ্টভাৱে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পিছত সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে সংশ্লিষ্ট ব্যক্তিসকলক জেৰা চলোৱাৰ সম্ভাৱনা আছে।

এই ঘটনাই উত্তৰ গুৱাহাটীত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ব্যস্ত ৰাজপথত আইন-শৃংখলা পৰিস্থিতিক লৈও বিভিন্ন মহলত আলোচনা আৰম্ভ হৈছে। তদন্তৰ অন্ততহে ঘটনাটোৰ সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top