নষ্ট জীৱনৰ সংজ্ঞা।Pome

নষ্ট জীৱনৰ সংজ্ঞা।Pome

কবিতাৰ শিৰোনাম-
নষ্ট জীৱনৰ সংজ্ঞা।Pome

সংজ্ঞা হীন আজি জীৱনৰ লক্ষ্য।
কান্ত হৈ পৰে হাজাৰ স্বপ্ন।
দুৰাচাৰ এই পৃথিৱীত আমিবোৰ এক অৰ্থ হীন এটি শব্দ।
আৱেগ জীৱনৰ এক উৎস।
বিবেকে কৰে ৰুদ্ধ।


সৰলতা ময়ী মন হৈ যায় চঞ্চল।
জীৱন অগ্ৰগতি অধপতনে হয় প্ৰগতি।
বিচাৰ বিকাশ হৈ যায় নষ্ট উন্মুক্ত ধ্বনি।
বদনাম আন এক উৎস জীৱন যাত্ৰাত।
সুনাম জীৱন যাত্ৰাৰ সফলতাৰ স্থান।।
বিশ্বাস,ত্যাগ,প্ৰতিশ্ৰুতি,প্ৰত্যাহ্বানত বিলিন হাজাৰ জন।
নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰে যোগ্য স্তৰত।


অৰ্থ লালসাত উদ্যমিতা হাজাৰ জন,শতাহ হৈ পৰে জীৱন যুজত..
দৰিদ্ৰতাই কাল হ’ল আজি দৰিদ্ৰ জন..
(কথা- সপোন ৰং দেখা শৈক্ষিকতা জগতত নিজ অভিজ্ঞতাই পৰিদৰ্শীতা দেখুৱা সোণাই হতাশ হৈ মাদকৰ্তা বিচাৰি যায় সি WineShopত পোৱা বিলাসী মদৰ বটলত..)
সুৰাত বিলিন হৈ স্মৃতি অতীতক নষ্টালজি হয় প্ৰতিধ্বনি।
সোঁৱৰণি বতাহ জাকে মনক ৰিঙিয়াই ভাঁহি উঠা দুচকুত কৰি তুলে আৱেগিক।
এয়াই হ’ল নষ্ট জীৱনৰ সংজ্ঞা
সময়ৰ গতিত হেৰাই যায় বহু প্ৰতিভা।
পৰিবেশ পৰিস্থিতি এই সকলোবোৰ সচাঁকৈ সময়ৰ দাহ।
বিচিত্ৰ ধৰাত ধ্বংস দিশে অগ্ৰসৰ হৈছে
আজি বহু প্ৰতিভা..
লেখা:
ৰাজীব বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top