AI ব্যৱহাৰ কৰি আপত্তিজনক ফটো-ভিডিঅ’ ভাইৰেলৰ অভিযোগ: স্বামী আৰু সহযোগীৰ বিৰুদ্ধে এজাহাৰ দাখিল

AI ব্যৱহাৰ কৰি আপত্তিজনক ফটো-ভিডিঅ’ ভাইৰেলৰ অভিযোগ: স্বামী আৰু সহযোগীৰ বিৰুদ্ধে এজাহাৰ দাখিল

AI । হাজোৰ এগৰাকী মহিলাক লক্ষ্য কৰি AI (কৃত্ৰিম বুদ্ধিমত্তা)ৰ সহায়ত আপত্তিজনক ফটো আৰু ভিডিঅ’ তৈয়াৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাক কেন্দ্ৰ কৰি স্বামী আৰু তেওঁৰ এজন সহযোগীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।

অভিযোগ অনুসৰি, প্ৰায় ১২ বছৰ পূৰ্বে গোলাঘাট জিলাৰ বৰুৱা বামুণগাঁৱৰ জয়ন্ত কুমাৰ দত্তৰ সৈতে হাজোৰ সংগীতা মজুমদাৰৰ বিবাহ হয়। বিবাহৰ পিছত তেওঁলোকৰ সংসাৰত এগৰাকী কন্যা সন্তানৰ জন্ম হয়। কিন্তু সময়ৰ লগে লগে বিভিন্ন বিষয়ক লৈ স্বামী-স্ত্ৰীৰ মাজত মনোমালিন্য বৃদ্ধি পায়। ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ, স্বামী জয়ন্ত কুমাৰ দত্তৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি তেওঁ একমাত্ৰ কন্যা সন্তানক লৈ গুৱাহাটীত থকা স্বামীৰ বাসগৃহ এৰি পৃথকে থাকিবলৈ বাধ্য হয়।

মহিলাগৰাকীয়ে দাবী কৰা মতে, বিগত প্ৰায় তিনি বছৰ ধৰি স্বামী-স্ত্ৰীৰ মাজত কোনো ধৰণৰ যোগাযোগ নাছিল। ইয়াৰ মাজতে জয়ন্ত কুমাৰ দত্তই তেওঁৰ বন্ধু সুমন কুমাৰ দাসৰ সহযোগত AI প্ৰযুক্তি ব্যৱহাৰ কৰি মহিলাগৰাকীৰ সৈতে জড়িত আপত্তিজনক ফটো আৰু ভিডিঅ’ সৃষ্টি কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ চেষ্টা চলায়।

আনহাতে, আজি মহিলাগৰাকী আৰু তেওঁৰ আত্মীয়-স্বজনসকলে সুমন কুমাৰ দাসক সোধ-পোচ কৰাত তেওঁ এই কাম জয়ন্ত কুমাৰ দত্তৰ নিৰ্দেশমতে কৰা বুলি স্বীকাৰ কৰা বুলি অভিযোগ কৰা হৈছে। লগতে মহিলাগৰাকীৰ কন্যাৰ বিদ্যালয়, আত্মীয়-স্বজন আৰু পৰিচিতসকললৈও আপত্তিজনক ফটো-ভিডিঅ’ প্ৰেৰণ কৰাৰ কথাও তেওঁ স্বীকাৰ কৰা বুলি অভিযোগত উল্লেখ কৰা হৈছে।

ভুক্তভোগী মহিলাগৰাকীয়ে আৰু অভিযোগ কৰে যে, তেওঁৰ স্বামীয়ে সামাজিক মাধ্যমৰ একাধিক একাউণ্ট আৰু ই-মেইল একাউণ্ট হেক কৰি দীৰ্ঘদিন ধৰি মানসিক হাৰাশাস্তি চলাই আহিছে।

ঘটনাৰ সন্দৰ্ভত সংগীতা মজুমদাৰে পানবজাৰ মহিলা থানাৰ লগতে জালুকবাৰী আৰক্ষী চকীত লিখিত এজাহাৰ দাখিল কৰিছে। এজাহাৰত স্বামী জয়ন্ত কুমাৰ দত্ত আৰু তেওঁৰ সহযোগী সুমন কুমাৰ দাসৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰি উচিত শাস্তিৰ দাবী জনোৱা হৈছে।

ইফালে, ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে নে নাই সেই বিষয়ে আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা হোৱা নাই। অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top