নগাঁও জিলাৰ ননৈ অঞ্চলত মানৱ সমাজক লজ্জায়িত কৰা এক জঘন্য ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এক ৫৫ বছৰীয়া লোকৰ বিৰুদ্ধে নিজৰেই ৯ বছৰীয়া ভতিজীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ননৈ নাথ গাঁৱৰ প্ৰদীপ নাথ (৫৫) নামৰ লোকজনে নিজৰে ভতিজীক দীৰ্ঘদিন ধৰি অসদাচৰণ কৰি আহিছিল বুলি অভিযোগ উঠিছে। অৱশেষত কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পিতৃ-মাতৃক অৱগত কৰাত বিষয়টো পোহৰলৈ আহে।
ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অভিযুক্তজন ৰাইজৰ ৰোষত পৰাৰ আশংকাত ননৈ আৰক্ষী পহৰা চকীত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে তৎক্ষণাৎ অভিযুক্তজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

ইফালে, ঘটনাটোৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি শতাধিক স্থানীয় মহিলাই ননৈ আৰক্ষী চকীৰ চৌহদত সমবেত হৈ অভিযুক্তজনৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনায়। পৰিস্থিতি কিছুসময় উত্তপ্ত হৈ পৰে যদিও আৰক্ষীয়ে নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হয়।

ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত আতংক আৰু ক্ষোভৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে অভিযুক্তজনৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনোৱাৰ লগতে কিশোৰীজনীৰ ন্যায় বিচাৰে। আৰক্ষীয়ে ঘটনাটোৰ সম্পূৰ্ণ তদন্ত চলাই থকা বুলি জানিব পৰা গৈছে।
