গুৱাহাটীৰ বেলতলাত যুৱতীৰ ৰহস্যজনক *মৃ*ত্যু; প্ৰেমিক আটক, হ*ত্যা*ৰ অভিযোগ পৰিয়ালৰ Guwahati Girl Death

গুৱাহাটীৰ বেলতলাত যুৱতীৰ ৰহস্যজনক *মৃ*ত্যু; প্ৰেমিক আটক, হ*ত্যা*ৰ অভিযোগ পৰিয়ালৰ Guwahati Girl Death

Guwahati Girl Death গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ বেলতলাৰ এটা ভাড়াঘৰত সুস্মিতা বসুমতাৰী নামৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱতীগৰাকীৰ ঘৰ ওদালগুৰি জিলাৰ নতুন নলবাৰী গাঁৱত বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, সুস্মিতা বসুমতাৰী গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল। বুধবাৰে পুৱা বেলতলাৰ ভাড়াঘৰত সন্দেহজনক অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। পিছত মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিয়ে।

ইয়াৰ পিছতেই ঘটনাটোৱে নতুন মোড় লয়। যুৱতীগৰাকীৰ পিতৃয়ে কন্যাক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি, পল্টনবজাৰৰ চলাপাৰা ৰোডৰ আকাশ প্ৰসাদ নামৰ এজন যুৱকৰ সৈতে সুস্মিতাৰ প্ৰেমৰ সম্পৰ্ক আছিল। আৰক্ষীয়ে ইতিমধ্যে আকাশ প্ৰসাদক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

পৰিয়ালৰ অভিযোগ, আকাশ প্ৰসাদে সুস্মিতাক মানসিকভাৱে অত্যাচাৰ কৰি চৰম সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছিল। লগতে, সুস্মিতাৰ সৈতে সম্পৰ্ক থকাৰ পিছতো আন এগৰাকী যুৱতীৰ সৈতে আকাশে সম্পৰ্ক ৰখা বুলি অভিযোগ উত্থাপন কৰা হৈছে।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, মঙলবাৰে নিশা বেলতলাৰ ভাড়াঘৰত সুস্মিতা আৰু আকাশে একেলগে সময় কটায়। সেই সময়তে আন যুৱতীৰ সৈতে আকাশৰ সম্পৰ্কক কেন্দ্ৰ কৰি দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা হৈছিল বুলি জানিব পৰা গৈছে। নিশা প্ৰায় ১ বজালৈকে দুয়োৰে মাজত যোগাযোগ চলি আছিল যদিও পুৱা ৭ বজাৰ পিছত সুস্মিতাৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাছিল।

পিছত ভাড়াঘৰৰ ভিতৰত সন্দেহজনক অৱস্থাত উদ্ধাৰ হয় সুস্মিতা বসুমতাৰীৰ মৃতদেহ। আৰক্ষীৰ প্ৰাথমিক অনুমান অনুসৰি, পুৱতি নিশাৰ কোনো এক সময়ত ঘটনাটো সংঘটিত হ’ব পাৰে। অৱশ্যে মৃত্যুৰ সঠিক কাৰণ আৰু ইয়াৰ আঁৰৰ সত্যতা আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পূৰ্ণাংগ প্ৰতিবেদন আহিলেহে স্পষ্ট হ’ব।

বৰ্তমান হাতীগাঁও আৰক্ষীয়ে ঘটনাটোৰ বিভিন্ন দিশ তদন্ত কৰি আছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আকাশ প্ৰসাদক জেৰা অব্যাহত ৰাখিছে। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top