প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিতো তেওঁৰ স্মৃতি আৰু আৱেগ আজিও একেই শক্তিশালী হৈ আছে। শেহতীয়াকৈ যোৰহাটস্থিত জুবিন গাৰ্গৰ পুৰণা বাসগৃহলৈ গৈ গভীৰভাৱে আৱেগিক হৈ পৰিল পত্নী গৰিমা শইকীয়া গাৰ্গ।

কলেজীয়া দিনত জুবিনে নিজৰ হাতৰে ৰোৱা এডাল পাইন গছৰ কথা সুঁৱৰি গৰিমাই কয় যে, সেই গছজোপা তেওঁলোকৰ জীৱনৰ এক বিশেষ স্মৃতি হৈ আছিল। “আমি যেতিয়াই সেইফালে গৈছিলো, গছজোপা চাই যাওঁ। মই জুবিনক সদায় কৈছিলো— ‘তুমি ৰোৱা গছজোপা বহু দুৰৰ পৰা জিলিকি দেখা যায়’,” বুলি স্মৃতিচাৰণ কৰে গৰিমাই।
তেওঁ আৰু কয় যে, জুবিনে সময় পালে গভীৰ ৰাতিও হলেও সেই গছজোপাৰ ওচৰলৈ গৈ তাক সাৱটি ধৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে, গছজোপা ২০২৪ চনৰ ২৯ অক্টোবৰ তাৰিখে উভালি পৰে। তাৰ আগতে ধীৰে ধীৰে মৰহি অহা গছজোপাই উভালি পৰাৰ সময়ত জুবিনে থকা কোঠাটোতো ক্ষতি সাধন কৰে।

এই ঘটনাক লৈ গৰিমাৰ মনত এক গভীৰ প্ৰশ্ন উদয় হৈছে— এইবোৰে নেকি আগতীয়াকৈ কোনো অশুভ সংকেত দিছিল? যদিও ইয়াৰ উত্তৰ আজিও অজানা।

উল্লেখ্য যে, জুবিন গাৰ্গৰ দেহাৱসানৰ প্ৰায় ৯ মাহ পাৰ হৈছে, কিন্তু তেওঁৰ সৃষ্টিৰে আৰু স্মৃতিৰে তেওঁ আজিও প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই আছে। নাহৰ গছৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ বাবে বহু লোকে নাহৰৰ পুলি ৰোপণ কৰি শিল্পীজনক স্মৰণ কৰি আহিছে।

এই আবেগিক মুহূৰ্তত, গৰিমা শইকীয়া গাৰ্গে পাইন গছজোপাৰ ঠাইত এটি নাহৰৰ পুলি ৰোপণ কৰে। তেওঁ বিশ্বাস প্ৰকাশ কৰে যে, এই নতুন পুলিটোতে জুবিন গাৰ্গ চিৰদিনে জীয়াই থাকিব।
