দিছপুৰত অনুষ্ঠিত হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথম কেবিনেট বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । Himanta Biswa Sarma

দিছপুৰত অনুষ্ঠিত হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথম কেবিনেট বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । Himanta Biswa Sarma

দিছপুৰত অনুষ্ঠিত হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথম কেবিনেট বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী Himanta Biswa Sarma-এ সংবাদমেল সম্বোধন কৰি কয় যে, নতুন চৰকাৰে আনুষ্ঠানিকভাৱে আজিৰে পৰা দায়িত্ব গ্ৰহণ কৰিলে আৰু শীঘ্ৰেই মন্ত্ৰীসকলৰ দপ্তৰ ঘোষণা কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে অহা ২১, ২২, ২৫ আৰু ২৬ মে’ত অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব। লগতে বিজেপিৰ সংকল্প পত্ৰকেই চৰকাৰ পৰিচালনাৰ আধাৰ হিচাপে গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰে।

কেবিনেট বৈঠকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম হৈছে ইউনিফৰ্ম চিভিল ক’ড (UCC)। ২৬ মে’ত ইউচিচি বিধানসভাত উপস্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে। লগতে সকলো ধৰণৰ ধৰ্মীয় ৰীতি-নীতিকো ইউচিচিৰ বাহিৰত ৰখা হৈছে। ইউচিচিত মূলতঃ বিয়াৰ ন্যূনতম বয়স নিৰ্ধাৰণ, সম্পত্তিৰ অধিকাৰ, লিভ-ইন ৰিলেশ্যনশ্বীপ আৰু বহুবিবাহ—এই চাৰিটা বিষয় অন্তৰ্ভুক্ত থাকিব।

ইয়াৰ উপৰিও, অহা পাঁচ বছৰত ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্যৰে মুখ্য সচিবৰ অধীনত এখন টাস্ক ফ’ৰ্চ গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই টাস্ক ফ’ৰ্চে প্ৰতিটো বিভাগৰ সৈতে আলোচনা কৰি নিয়োগ প্ৰক্ৰিয়াৰ ৰোডমেপ প্ৰস্তুত কৰিব।

কেবিনেটে ড০ Bhupen Hazarika-ৰ জন্মজয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে গুৱাহাটীৰ কলাক্ষেত্ৰত ৩২ কোটি টকা ব্যয় সাপেক্ষে ড০ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় স্থাপন কৰা হ’ব। ইয়াৰ ভিতৰত ১৩ কোটি টকা নৰ্থ ইষ্ট কাউন্সিলে আগবঢ়াব।

আনহাতে, দেৱজিত শইকীয়াক পুনৰ পাঁচ বছৰৰ বাবে ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে।

ব্যয় সংকোচনৰ ক্ষেত্ৰতো একাধিক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। নতুন মন্ত্ৰীসকলক অহা ছমাহলৈ নতুন গাড়ী দিয়া নহ’ব। কাইলৈৰ পৰা প্ৰযোজ্য হোৱাকৈ অহা ছমাহলৈ মন্ত্ৰী, চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চিকিৎসাজনিত কাৰণৰ বাহিৰে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। লগতে ৰাজ্যপালৰ পৰা আৰম্ভ কৰি মন্ত্ৰী তথা বিভিন্ন পৰ্যায়ৰ চৰকাৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ২০২৫ চনৰ তুলনাত অসম চৰকাৰে ডিজেল আৰু পেট্ৰ’ল ক্ৰয়ত ব্যয় হ্ৰাস কৰাৰ লক্ষ্য লৈছে। অহা ছমাহলৈ চৰকাৰে বিদেশী সা-সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে যাতে বিদেশী মুদ্ৰা সঞ্চয় কৰিব পৰা যায়। একে সময়তে, অহা ছমাহলৈ সকলো ছেমিনাৰ আৰু ৱৰ্কশ্বপ কেৱল ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তেই অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top