ছিংগাপুৰ সাগৰত জুবিন গাৰ্গৰ মৃত্যু : ভাইৰেল ভিডিঅ’ই উন্মোচন কৰিলে চাঞ্চল্যকৰ তথ্য । Zubeen Garg Death Mystery

ছিংগাপুৰ সাগৰত জুবিন গাৰ্গৰ মৃত্যু : ভাইৰেল ভিডিঅ’ই উন্মোচন কৰিলে চাঞ্চল্যকৰ তথ্য । Zubeen Garg Death Mystery

Zubeen Garg Death Mystery । অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ দিনদিনে উত্থাপন হৈ আছে নতুন নতুন প্ৰশ্ন। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন ভিডিঅ’ই অধিক বিতৰ্কৰ সৃষ্টি কৰিছে।

অসমপ্ৰাণ জুবিন গাৰ্গক জোৰ-জবৰদস্তি কৰি সাগৰৰ পানীত নমোৱা হৈছিল। সাগৰলৈ লৈ যোৱাৰ উদ্যোগ লৈছিল ছিংগাপুৰৰ অসম এছ’চিয়েচনৰ সৈতে জড়িত কেইগৰাকীমান বিষয়ববীয়াই। পোহৰলৈ আহিছে এটাৰ পাছত আন এটা বিস্ফোৰক ভিডিঅ’। সোমবাৰে ৰাজহুৱা হোৱা এটা ভিডিঅ’ই উন্মোচন কৰিছে কিদৰে মৃত্যু সৰোবৰত পৰিণত হৈছিল সেই সাগৰ। পাৰত ৰৈ দায়িত্বহীন একাংশৰ অট্টহাস্য আৰু জুবিন গাৰ্গৰ দৰে জাতীয় সম্পদক লৈ কৰা অতি নিকৃষ্ট ল’ৰা-ধেমালি পোহৰলৈ আহিছে ছিংগাপুৰৰ সাগৰৰ এই বিস্ফোৰক ভিডিঅ’টোৰ জৰিয়তে। নিশা সুৰাৰ পাৰ্টী কৰোৱাই পুৱাই জুবিন গাৰ্গক সাগৰলৈ লৈ গৈছিল সন্দীপন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামীয়ে। পানীলৈ ভয় কৰা জুবিনক খালী গাৰে পানীত নামিবলৈ প্ৰৰোচিত কৰোৱা হৈছিল।

প্ৰত্যক্ষদৰ্শী আৰু ভিডিঅ’ অনুসৰি, জুবিন গাৰ্গক পানীত নামিবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল তেওঁৰ দীৰ্ঘদিনৰ সহযোগী শেখৰজ্যোতি গোস্বামী

উল্লেখযোগ্য যে সিদিনা Yachtখনত উপস্থিত আছিল অসম এছ’চিয়েচনৰ সৈতে জড়িত সন্দীপন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা, তন্ময় ফুকন আৰু অভিমন্যুৰ নাম। ভিডিঅ’ত দেখা গৈছে, জুবিনে প্ৰথমে শেখৰ গোস্বামীক সাঁতোৰ শিকোৱাৰ কথাও উল্লেখ কৰিছিল। তাৰ পাছতেই শেখৰে “ব’লা, তালৈ যাওঁ ব’লা” বুলি পানীত নামিবলৈ প্ৰেৰণা দিয়ে।

তাত উপস্থিত থকা কেইজনৰ কথোপকথনত স্পষ্ট শুনা গৈছে—

  • “গৈ কিন্তু আকৌ ঘূৰি আহিব লাগিব দেই।”
  • “ঘূৰি আহিব লাগিব দেই, এইটো বেষ্ট। যোৱাটো সহজ।”
  • “জুবিন দাক লাইফ জেকেট এটা দি দে।”

যদিও শেষত লাইফ জেকেট এখন আনি পিন্ধাই দিবলৈ চেষ্টা কৰা হৈছিল, জুবিন দাই সোলোকাই দিয়ে। ইয়াৰ পাছতেই উপস্থিত কেইজনৰ ভিতৰত এজনৰ কণ্ঠ শুনা যায়— “ঠেলি দিওঁ নেকি? জুবিন দাক লগত লৈ যোৱা।”

এই ভিডিঅ’টোৱে প্ৰমাণ কৰি দিছে যে সাগৰত নামিবলৈ জুবিন দাই মানসিকভাৱে প্ৰস্তুত নাছিল। তথাপিও লগত থকা বন্ধু-বান্ধৱীয়ে জুবিনক বাৰে বাৰে চাপ দিয়ে।

ফলত, সাগৰীয়া আনন্দ-ভ্ৰমণৰ মাজতেই মৃত্যু সৰোবৰত পৰিণত হয় সেই দিনৰ ভ্ৰমণ। ৰাজ্যত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া উঠিছে। অসমবাসীয়ে জুবিন গাৰ্গক লৈ কৰা এই দায়িত্বহীনতা আৰু ল’ৰা-ধেমালিৰ তীব্ৰ ধিক্কাৰ জনাইছে। একেসময়তে জুবিন গাৰ্গৰ মৃত্যু ঘটনা সন্দৰ্ভত গভীৰ তদন্তৰো জোৰদাৰ দাবী উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top