SIT । অসমৰ ৰাজনীতিত বহুচৰ্চিত দিন ১০ ছেপ্টেম্বৰ । গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কীয় বিশেষ তদন্তকাৰী গোট (SIT)-ৰ প্ৰতিবেদন দাখিলৰ অন্তিম সময়সীমা আজি, ১০ ছেপ্টেম্বৰ। সন্ধিয়া ৬ বজালৈকে SITয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মালৈ প্ৰতিবেদন দাখিল কৰিব লাগিব।

মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্টকৈ কোৱা মতে, প্ৰতিবেদন চোৱাৰ পিছতেই পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব। মুখ্যমন্ত্ৰীৰ মন্তব্য — “যদি প্ৰতিবেদনত একো নাথাকে, তেতিয়া গোচৰ বন্ধ হ’ব।”
ইপিনে ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা — আজি ফাদিল হ’ব পাৰে গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ বহু বিস্ফোৰক তথ্য। গৌৰৱ গগৈ আৰু এলিজাবেথৰ বহু গুপ্ত কুকর্ম প্ৰকাশিত হ’ব বুলি বিভিন্ন মহলত গুঞ্জন।

অসমৰ ৰাজনীতিত বহুলোকৰ চকু আজিৰ এই দিনত। সন্ধিয়া ৬ বজাৰ পিছতেই প্ৰকাশিত হ’ব SIT প্ৰতিবেদনৰ অন্তিম সত্য, যাৰ ওপৰত নিৰ্ভৰ কৰিব গৌৰৱ গগৈৰ ৰাজনৈতিক যাত্ৰাৰ ভৱিষ্যৎ।

আজিৰ দিনটো অসম ৰাজনীতিৰ ইতিহাসত অন্যতম চৰ্চিত তাৰিখ হিচাপে লিপিবদ্ধ হ’ব বুলি বহুজনৰ মত।
