Congress । শাসকীয় মিত্ৰজোঁটৰ পৰা দলত্যাগী প্ৰাক্তন বিধায়কৰ যোগদানেৰে শক্তি বৃদ্ধি কৰিবলৈ সাজু হৈছে ৰাজ্যৰ মুখ্য বিৰোধী দল কংগ্ৰেছ। আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছত শক্তিৰ নতুন সঞ্চাৰ ঘটাবলৈ আজি দিল্লীত তিনিজন প্ৰাক্তন বিধায়ক যোগদান কৰিবলৈ সাজু হৈছে।

সূত্ৰ অনুসৰি, আজি বিয়লি ৪.৩০ বজাত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ পতাকা হাতে লৈ যোগদান কৰিব তিনিজন প্ৰাক্তন বিধায়কে। তেওঁলোকে হ’ল—
➡️ বিনন্দ কুমাৰ শইকীয়া (প্ৰাক্তন বিধায়ক, ছিপাঝাৰ)
➡️ ডাঃ মানচিং ৰংপী (প্ৰাক্তন বিধায়ক, বৈঠালংছ’)
➡️ সত্যব্ৰত কলিতা (প্ৰাক্তন বিধায়ক, কমলপুৰ)
ইয়াৰে মাজত দুজনৰ আজি ‘ঘৰ ৱাপচী’ ঘটিব কংগ্ৰেছলৈ। বিনন্দ শইকীয়া আৰু মানচিং ৰংপী আগতে কংগ্ৰেছৰ টিকটত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। পাছত দুয়ো বিজেপিত যোগদান কৰিছিল যদিও ২০২১ চনৰ নিৰ্বাচনত টিকট লাভ নকৰাত পুনৰ একাংশত হতাশ হৈছিল। অবশেষত দুয়ো পুনৰ ঘূৰি আহিছে কংগ্ৰেছলৈ।
বিনন্দ কুমাৰ শইকীয়াই ২০১১ চনত কংগ্ৰেছৰ পৰা ছিপাঝাৰ সমষ্টিৰ বিধায়ক হিচাপে জয়ী হৈছিল, যদিও ২০১৫ চনত বিজেপিত যোগদান কৰে আৰু ২০১৬ত পুনৰ বিধায়ক হয়। কিন্তু ২০২১ত টিকট বঞ্চিত হয়।
মানচিং ৰংপীয়েও ২০০৬, ২০১১ আৰু ২০১৬ চনত কংগ্ৰেছৰ পৰা জয়ী হৈছিল। কিন্তু ২০১৬ৰ পিছতে বিজেপিত যোগ দিয়াৰ পিছত পুনৰ উপ-নিৰ্বাচনত জয়লাভ কৰিছিল। ২০২১ত যদিও টিকট নাপায়।
ইফালে, অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাও দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি মজিয়া এৰি আজি কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে। তেওঁ ২০১৬ত অগপৰ টিকটত কমলপুৰৰ বিধায়ক হৈছিল, যদিও ২০২১ত সেই আসন মিত্ৰদল বিজেপিক এৰি দিয়াত টিকট পোৱা নাছিল।
আগতীয়া নিৰ্বাচনক লক্ষ্য ৰাখি কংগ্ৰেছে ইতিমধ্যেই সভাপতি হিচাপে গৌৰৱ গগৈক আগবঢ়াই দলীয় ৰণনীতি স্পষ্ট কৰিছে। এতিয়া তিনিজন প্ৰাক্তন বিধায়কৰ যোগদান কংগ্ৰেছৰ শক্তি বৃদ্ধি আৰু ৰাজনৈতিক চাহিদা পূৰণত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব।
