GUWAHATI CITY । গুৱাহাটীৰ গণেশগুৰিত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। পত্নীৰ ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে স্বামী ধীৰাজ দাস। ঘটনা গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপতে সংঘটিত হয়।

প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি, পত্নীয়ে একাধিকবাৰ ছুৰীৰে স্বামীৰ ওপৰত আক্ৰমণ কৰে। আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ স্বামী ধীৰাজ দাসে পত্নীকো আঘাত কৰে। ফলত স্বামী-স্ত্ৰী দুয়ো জনেই গুৰুতৰভাৱে আহত হয়।
আহত স্বামী-স্ত্ৰী দুজনক তৎক্ষণাৎ GMCHলৈ প্ৰেৰণ কৰা হয়। বৰ্তমান GMCHৰ আপাতকালীন বিভাগত চিকিৎসাধীন ধীৰাজ দাসৰ অৱস্থা সংকটজনক। তেওঁৰ বুকুত গুৰুতৰ আঘাত হোৱাৰ বাবে ICU লৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে।
ঘটনাৰ সংবাদ পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণত আনে। পত্নীয়ে কিয় স্বামীৰ ওপৰত এই আক্ৰমণ ঘটালে, সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ পাই নাছিলে।
