Guwahati । গুৱাহাটীৰ মাজ-মজিয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। GMCH (গুৱাহাটী চিকিৎসা মহাবিদ্যালয়)ৰ দুৱাৰডলিত এজনী ৰহস্যময়ী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত হাহাকাৰ মচি উঠিছে।

সূত্রৰ তথ্য মতে, হেঙেৰাবাৰীৰ পৰা নগাঁৱলৈ ওলাই যোৱা মহিলাগৰাকীক এখন অ’ট’ৰে আহত অৱস্থাত GMCH লৈ অনা হৈছিল। চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ পিছতেই মৃত ঘোষণা কৰে মহিলাগৰাকীক। কিন্তু মৃতদেহ ত্যাগ কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে ধৰা পৰে অ’ট’ৰে লৈ অহা যুবক মুক্তাৰ ওৰফে ইমৰাণ। চিকিৎসক আৰু চিকিৎসালয়ৰ সুৰক্ষাকৰ্মীয়ে তেওঁক ধৰি ভঙাগড় আৰক্ষীক চমজাই দিয়ে।

হোটেল ‘ভগৱান’-ৰ লিংক?
ইমৰাণৰ জিজ্ঞাসাবাদত আৰু তেওঁৰ ম’বাইল পৰীক্ষা কৰাত বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ইছলামপুৰৰ এখন হোটেলত অনুষ্ঠিত ৰঙীন নিশাৰ পাৰ্টীত অংশ লৈছিল মৃত মহিলাগৰাকী। সেই পাৰ্টীত ড্ৰাগছ আৰু হেৰ’ইন সেৱনৰ প্ৰমাণো উদ্ধাৰ হৈছে। সন্দেহ কৰা হৈছে—অভ্যাসগত ড্ৰাগছ সেৱনৰ ফলতেই অ’ভাৰ-ড’জ হৈ মহিলাগৰাকীৰ মৃত্যু হয়।

ইমৰাণৰ মোবাইলত উদ্ধাৰ হোৱা প্ৰমাণ
ইমৰাণৰ ম’বাইলত বহু ৰহস্যময়ী যুৱতীৰ ফটো, ড্ৰাগছ সেৱনৰ ভিডিঅ’, লগতে গ্ৰাহকৰ নাম-ফোন নম্বৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ পৰাই সন্দেহ সৃষ্টি হৈছে যে ইমৰাণ নাৰী দেহৰ ব্যৱসায়ৰ সৈতে জড়িত থাকিব পাৰে ।

চিকিৎসকৰ সন্দেহ
GMCHৰ চিকিৎসকে স্পষ্টকৈ সন্দেহ প্ৰকাশ কৰিছে—মহিলাগৰাকীৰ মৃত্যু ড্ৰাগছৰ অ’ভাৰ-ড’জৰ ফলত হৈছে। ৰিপৰ্টৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।

এই ঘটনাই গুৱাহাটী নগৰখনৰ চকচকীয়া ৰঙীন জীৱনৰ আৱৰণৰ অন্তৰত লুকাই থকা ড্ৰাগছ ছবিখন প্ৰকাশ পাইছে । অৱশ্য আৰক্ষীৰ তদন্তৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব ।
