প্ৰেমিকৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰি প্ৰেমিকাই ল'লে চৰম সিদ্ধান্ত মোবাইল ফোন চুইচ অফ কৰি পলাতক প্ৰেমিক

প্ৰেমিকৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰিপ্ৰেমিকাই ল’লে চৰম সিদ্ধান্ত ।Love Story

Love Story । প্ৰেমিকৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰি প্ৰেমিকাই ল’লে চৰম সিদ্ধান্ত । প্ৰেমৰ সংঘাতত বিষপান কৰি আত্মহত্যা যুৱতীৰ । প্ৰেমৰ বাবে কোনে কি কৰিব নোৱাৰে । সাত সাগৰ, তেৰ নদী পাৰ হব পাৰে প্ৰেমৰ বাবে । যিদৰে সৃষ্টি হ’ব পাৰে তাজমহল অথবা ধ্বংস হ’ব পাৰে ট্ৰয়নগৰ । তাতে প্ৰেমিকে যদি কৰিব বিচাৰে প্ৰতাৰণা তেন্তে এই প্ৰেম বিচ্ছেদৰ নাৰকীয় জ্বালাত প্ৰেমিকাই কৰিব নোৱাৰে কি !

প্ৰেমিকাৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰি ৰঙিয়াৰ মৰাণজানাৰ প্ৰেমিকাই ললে চৰম সিদ্ধান্ত । এগৰাকী যুৱতীয়ে বিষপান কৰি আত্মহত্যা কৰাৰ ঘটনাই পৰিয়াল আৰু সমাজক গভীৰভাৱে আঘাত কৰিছে । মৃত যুৱতীগৰাকীৰ নাম জোনমনি বেগম, যিগৰাকী ৰঙিয়াৰ মৰাণজানাৰ বাসিন্দা । পৰিয়ালৰ অভিযোগ, জোনমনি বেগমে ঘৰতে বিষপান কৰিছিল । তেওঁক ততাতৈয়াকৈ ৰঙিয়াৰ এখন ব্যক্তিগত হস্পিতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । এই দুৰ্ঘটনাই পৰিয়ালৰ সদস্যসকলক অসহায় কৰি তুলিছে আৰু গাঁওখনত এক শোকৰ ছাঁ পেলাইছে । জোনমনি বেগমৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল স্থানীয় যুৱক হাফিজুল আলীৰ । দুয়োগৰাকীৰ পৰিয়ালৰ মাজত বিবাহৰ বাবে বুজাবুজি হৈছিল আৰু সকলো ভালদৰেই চলি আছিল যেন লাগিছিল । কিন্তু পৰিয়ালৰ লোকসকলে অভিযোগ কৰিছে যে হাফিজুল আলীৰ আছিল পৰকীয়া সম্পৰ্ক ।

এই কাৰণে দুয়োগৰাকী প্ৰেমিক-প্ৰেমিকাৰ মাজত সঘনে কাজিয়া আৰু সংঘাত হৈছিল । পৰিয়ালৰ অভিযোগ অনুসৰি, এই কাজিয়াৰ ফলতে জোনমনি বেগমে হতাশাত বিষপান কৰি আত্মহত্যাৰ পথ বাছি লৈছে । ঘটনাৰ পিছত হাফিজুল আলীয়ে নিজৰ মোবাইল ফোন চুইচ অফ কৰি পলাতক হৈ পৰিছে । পৰিয়াল আৰু স্থানীয় লোকসকলে তেওঁক বিচাৰি উলিয়াই আনিবলৈ চেষ্টা কৰিছে যদিও এতিয়ালৈকে তেওঁৰ সন্ধান নাই ।

এই পৰিস্থিতিয়ে ঘটনাটোক আৰু জটিল কৰি তুলিছে । ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰঙিয়া আৰক্ষী দলটো ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতি ঘটনাৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিছে আৰু হাফিজুল আলীক বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই দুৰ্ঘটনাই প্ৰেমৰ সম্পৰ্কত সংঘাত আৰু মানসিক চাপৰ বিষয়ে এক সতৰ্কবাণী দিয়া যেন লাগিছে । সমাজত এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ পৰামৰ্শদাতা সেৱা আৰু সচেতনতাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে । পৰিয়ালটোৱে ন্যায়ৰ আশাত আৰক্ষীৰ তদন্তৰ ওপৰত নিৰ্ভৰ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top