শ্ৰীকৃষ্ণৰ জন্মক লৈ অসংখ্য কাহিনী ।Sri Krishna

শ্ৰীকৃষ্ণৰ জন্মক লৈ অসংখ্য কাহিনী ।Sri Krishna

Sri Krishna । জন্মাষ্টমী ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন হিচাপে পালন কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত এই উৎসৱ পালন কৰা হয়। ধৰ্মগ্ৰন্থসমূহত শ্ৰীকৃষ্ণৰ জন্মক লৈ অসংখ্য কাহিনী উল্লেখ কৰা হৈছে।

প্ৰতি বছৰে ভক্তসকলে অতি আড়ম্বর আৰু ভক্তি-শ্ৰদ্ধাৰেৰে জন্মাষ্টমী উদযাপন কৰে। ভাৰত, নেপাল, আমেৰিকা আদি দেশতো সমগ্ৰ বিশ্বতে শ্ৰীকৃষ্ণৰ জন্মদিন পালন কৰা হয়।

কথিত আছে যে, উত্তৰ প্ৰদেশৰ মথুৰাৰ এখন কাৰাগাৰত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। তেওঁৰ মাতৃ আছিল দৈৱকী আৰু পিতৃ বাসুদেৱ। শ্ৰীকৃষ্ণ আছিল তেওঁলোকৰ অষ্টম সন্তান। তেওঁৰ প্ৰকৃত নাম আছিল বসুদেৱ কৃষ্ণ, যদিও তেওঁ গোবিন্দ, গোপাল, কানহা, দেৱকীনন্দন, মাধৱ, শ্যাম আদি বহু নামেৰে জনাজাত।

হিন্দু বিশ্বাস অনুসৰি, দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। জন্মৰ পিছত তেওঁক নিৰাপদভাৱে গোকুললৈ লৈ যোৱা হয়, য’ত নন্দ আৰু যশোদাই তেওঁক ডাঙৰ-দীঘল কৰিছিল।

ভক্তসকলৰ বিশ্বাস, শ্ৰীকৃষ্ণে ধৰ্মৰ পুনৰুত্থান আৰু অধৰ্মৰ বিনাশৰ বাবে এই পৃথিবীত অৱতাৰ গ্ৰহণ কৰিছিল। সেইবাবে লক্ষ লক্ষ ভক্তে আনন্দ আৰু বিশ্বাসৰে জন্মাষ্টমী পালন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top