দেশৰ আটাইতকৈ দৰিদ্ৰ মুখ্যমন্ত্ৰী কোন জানেনে ? কোনো আৱাসিক ঘৰ বা ভূ–সম্পত্তি নাই !Mamata Banerjee Is 'Poorest' Chief Minister

দেশৰ আটাইতকৈ দৰিদ্ৰ মুখ্যমন্ত্ৰী কোন জানেনে ? কোনো আৱাসিক ঘৰ বা ভূ–সম্পত্তি নাই !Mamata Banerjee Is ‘Poorest’ Chief Minister

Mamata Banerjee Is ‘Poorest’ Chief Minister । এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (ADR) প্ৰকাশিত শেহতীয়া প্ৰতিবেদন অনুসৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা মমতা বেনাৰ্জী দেশৰ আটাইতকৈ দৰিদ্ৰ মুখ্যমন্ত্ৰী। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য মাত্ৰ ১৫.৪ লাখ টকা বুলি এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত মমতা বেনাৰ্জীৰ সম্পত্তিৰ মূল্য আছিল ৩০.৪ লাখ টকা।

ADR–ৰ তথ্য মতে, মমতা বেনাৰ্জীৰ নামত কোনো আৱাসিক ঘৰ বা ভূ–সম্পত্তি নাই। তেওঁৰ হাতত নগদ ৬৯,২৫৫ টকা আছে, বেংকত জমা ১৩.৫ লাখ টকা আৰু ৯ গ্ৰাম গহনা (মূল্য ৪৩,৮৩৭ টকা) আছে বুলি শপতনামাত উল্লেখ কৰা হৈছে।

ইফালে দেশৰ আটাইতকৈ ধনৱন্ত মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডু। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯৩১ কোটি টকাতকৈও অধিক। তালিকাৰ দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, যাৰ সম্পত্তিৰ মূল্য ৩৩২ কোটি টকা। এই দুয়ো গৰাকী মুখ্যমন্ত্ৰী শতকোটি টকাতকৈ অধিক সম্পত্তিৰ অধিকাৰী বুলি ADR–ৰ প্ৰতিবেদনত কোৱা হৈছে।

জম্মু-কাশ্মীৰৰ ওমৰ আব্দুল্লা ৫৫ লাখ টকাৰ সম্পত্তিৰে দেশৰ দ্বিতীয় দৰিদ্ৰ মুখ্যমন্ত্ৰী। কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন এক কোটি টকাতকৈ অলপ অধিক সম্পত্তিৰে তালিকাত শেষৰ পৰা তৃতীয় স্থানত আছে।

প্ৰতিবেদন অনুসৰি ৩১ গৰাকী মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তিৰ মূল্য ১৬৩০ কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ১৭.২৭ কোটি টকাৰ সম্পত্তিৰে তালিকাত প্ৰথমৰ পৰা নৱম স্থানত আছে। উত্তৰ–পূবত তেওঁ তৃতীয় ধনৱন্ত মুখ্যমন্ত্ৰী হিচাপে স্থান লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top