নলবাৰীৰ সৰলা দেবীৰ মুখ্যমন্ত্ৰীৰ সভাত মৃত্যু হোৱা নাই, পৰিয়ালৰ স্পষ্টীকৰণ । Chief Minister Himanta Biswa Sarma’s meeting in Nalbari
Chief Minister Himanta Biswa Sarma’s meeting in Nalbari । নলবাৰীৰ বাসিন্দা সৰলা দেবীৰ মৃত্যু সম্পৰ্কে এক বিভ্ৰান্তিকৰ খবৰ প্ৰচাৰিত হোৱাৰ পিছত পৰিয়ালে স্পষ্টীকৰণ আগবঢ়াইছে। পৰিয়ালৰ পক্ষৰ পৰা জনোৱা হৈছে যে সৰলা দেবীৰ মৃত্যু মুখ্যমন্ত্ৰীৰ সভাত হোৱা নাই।

এই ঘটনাটো সভাৰ লগত সম্পূৰ্ণভাৱে অসংলগ্ন। পৰিয়ালে প্ৰকাশ কৰে যে সৰলা দেবীৰ মৃত্যু এক অনাকাংক্ষিত ঘটনা, যাক লৈ অযথা গুজব ছড়োৱা হৈছে।

লগতে পৰিয়ালে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলক এনে বিভ্ৰান্ত তথ্য নজনাবলৈ আহ্বান জনাইছে।
