চীনৰ চুটি ভিডিঅ’ এপ TikTok পুনৰ ভাৰতলৈ উভতি আহিবলৈ সাজু হৈছে। যদিও এইবাৰ এপটোৰ নাম সলনি কৰি নতুন ৰূপত লঞ্চ কৰাৰ পৰিকল্পনা কৰিছে মূল কোম্পানী Bytedance-এ।

প্ৰাপ্ত তথ্য অনুসৰি, টিকটকৰ নতুন নাম ‘TickTock’ হ’ব পাৰে।

প্ৰসিদ্ধ টিপষ্টাৰ মুকুল শৰ্মাই নিউজ18ক জনাইছে, ২০২১ চনৰ জুলাই মাহতেই বাইটডান্সে ভাৰতৰ পেটেন্ট, ডিজাইন আৰু ট্ৰেডমাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ ওচৰত এই নামত ট্ৰেডমাৰ্ক আবেদন দাখিল কৰিছিল।

উল্লেখযোগ্য যে, টিকটকক ২০২০ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় উত্থাপন কৰি অন্যান্য শতাধিক চীনা এপৰ সৈতে নিষিদ্ধ কৰিছিল।

এইবাৰ নতুন নাম আৰু নতুন ব্র্যান্ডিঙৰ সৈতে ভাৰতীয় বজাৰত পুনৰ প্ৰবেশৰ সম্ভাৱনা দেখা গৈছে।
