Numal Momin । দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস গোৱালপাৰা জিলা প্ৰশাসনে আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে।
স্থানীয় জেটিএছ খেলপথাৰত আয়োজন কৰা ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ঠিক ৯:০০ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম বিধান সভাৰ উপাধ্যক্ষ নোমল মোমিনে ।

ইয়াৰ পূৰ্বে তেখেতে মাৰ্চ্চপাষ্টত অংশ লোৱা দলসমূহৰ অভিবাদন গ্ৰহণ কৰে।
পতাকা উত্তোলনৰ সময়ত গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত উপস্থিত থাকে।

স্বাধীনতা দিৱস উদযাপন থলীত জিলা প্ৰশাসনৰ বিষয়াসকল, আৰক্ষী প্ৰশাসন, জিলাখনৰ বিশিষ্ট ব্যক্তি, সামাজিক সংস্থাৰ বিষয়-ববীয়া আদিকে ধৰি স্থানীয় ৰাইজ উপস্থিত থাকে।

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছত উপাধ্যক্ষ নোমল মোমিনে ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।
ইয়াৰ পিছতে অনুষ্ঠানত এটি দেশভক্তিমূলক গীতত নৃত্য পৰিৱেশন কৰে বলবলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।
মাটিয়াৰ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰীসকলে এটি বাগৰুম্বা নৃত্য পৰিৱেশন কৰে।
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, খৰমুজাৰ ছাত্ৰী সকলে এটি ৰাভা জনজাতীয় নৃত্য , ডেৰেক হাই স্কুলৰ ছাত্ৰী সকলে গাৰো নৃত্য , কেন্দ্ৰীয় বিদ্যালয়, গোৱালপাৰাৰ ছাত্ৰীৰ দ্বাৰা এটি লোক নৃত্য আৰু গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ মহিলা কৰ্মচাৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে।

স্বাধীনতা দিৱস উদযাপন থলীত আজি অনুষ্ঠিত হোৱা মাৰ্চ্চ পাষ্টৰ দৃশ্য আছিল দৃষ্টি নন্দন ।
অসম আৰক্ষী, সৈনিক স্কুল, গোৱালপাৰা, অসামৰিক প্ৰতিৰক্ষা বাহিনীকে আদি কৰি কেবাখনো বিদ্যালয় – মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এই মাৰ্চ্চ পাষ্টত অংশ গ্ৰহণ কৰে।
এই মাৰ্চ্চ পাষ্টত ইউনিফৰ্ম প্লেটুনৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে – সৈনিক স্কুল, গোৱালপাৰাই।
দ্বিতীয় স্থান গোৱালপাৰা মহাবিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে- গোৱালপাৰা আৰক্ষীৰ মহিলা প্লেটুনে।
সেইদৰে ন’ন ইউনিফৰ্ম শাখাত প্ৰথম স্থান- ব্ৰাইথ ফিউচাৰ একাডেমী, দ্বিতীয় স্থান- গোৱালপাৰা গাৰ্লছ কলেজ আৰু তৃতীয় স্থান লাভ কৰে- গোৱালপাৰা জাতীয় বিদ্যালয় (ল’ৰা) দলটোৱে।
- শ্বহীদ নিধানুৰাম ৰাজবংশী পৰিয়াল ( অনুপস্থিত), শ্বহীদ বাবলু ৰাভাৰ পৰিয়াল, শ্বহীদ মহিবুল ইছলামৰ পৰিয়াল, গোৱালপাৰা জিলাৰ লোকতন্ত্ৰ সেনানী প্ৰয়াত তৰুণ খাকলাৰীৰ পৰিয়াল আদিকো আজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত গোৱালপাৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আনহাতে, সাংস্কৃতিক ক্ষেত্ৰত গোৱালপাৰালৈ সুনাম কঢ়িয়াই অনা গোৱালপাৰাৰ গোৱালতুলি নিবাসী কণমানি জীয়ৰী পঞ্চী বৰ্মন আৰু ক্ৰীড়া ক্ষেত্ৰত সুনাম অৰ্জন কৰা আকাশ সেনগুপ্ত ( ক্ৰিকেট) আৰু ডেইজী ৰাভাক ( উচু – Wushu) আজি গোৱালপাৰা জিলা প্ৰশাসনে সম্বৰ্ধনা জনায়। আনহাতে বন বিভাগ, গোৱালপাৰা সংমণ্ডলে বিশেষ পদক্ষেপ লৈ “টুৰিষ্ট গাইড” হিচাপে প্ৰশিক্ষণ দিয়া দলটোকো আজি সম্বৰ্ধনা জনোৱা হয়।
আজিৰ এই অনুষ্ঠানত ৰাইজে উৎসাহেৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপভোগ কৰে ।
